BPF secretary expelled from party: দলৰ পৰা বহিস্কাৰ চিৰাং জিলা বিপিএফৰ দুই সম্পাদকক - চিৰাং জিলাৰ বিপিএফ দলৰ সভাপতি জেমচ বসুমতাৰী
চিৰাং, 12 মে’:চিৰাং জিলা বিপিএফৰ সম্পাদক ক্ৰমে বানেশ্বৰ বসুমতাৰী আৰু কমল বসুমতাৰীক ছয় বছৰলৈ দলৰ পৰা বহিস্কাৰ (Chirang district BPF secretary expelled from party) ৷ দল বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ লগতে বিপিএফ দলৰ নিয়ম উলংঘা কৰাৰ অভিযোগত বহিস্কাৰ কৰা হয় নেতাদ্বয়ক । চিৰাং জিলাৰ বিপিএফ দলৰ সভাপতি জেমচ বসুমতাৰীয়ে বহিস্কাৰ কৰে বানেশ্বৰ বসুমতাৰী আৰু কমল বসুমতাৰীক ।
চিৰাং জিলা কাজলগাঁওস্থিত ব্লক বিপিএফৰ কাৰ্যালয়ত বৃহস্পতিবাৰে জিলা বিপিএফৰ সভাপতি তথা বিটিচিৰ পাৰিষদ জেমচ বসুমতাৰীৰ উপস্থিতিত অনুষ্ঠিত এখন কাৰ্যকৰী সভাত লোৱা হয় এই সিদ্ধান্ত ৷ ইয়াৰ পাচতেই জিলা বিপিএফ দলৰ নেতৃবৃন্দই এক সংবাদমেল আয়োজন কৰি নেতাদ্বয়ক বহিস্কাৰ কৰাৰ কথা সদৰী কৰে(BPF secretary expelled from party) ৷
বানেশ্বৰ বসুমতাৰী আৰু কমল বসুমতাৰী চিৰাং জিলা বিপিএফ দলৰ সক্ৰিয় কৰ্মী আছিল ৷ কিন্তু দলৰ নিয়ম উলংঘা কৰাৰ বাবে প্ৰাথমিক সদস্যৰ পৰাও তেওঁলোকক বহিস্কাৰ কৰা হয় বুলি সংবাদমেলত জানিবলৈ দিয়ে বিটিচিৰ পাৰিষদ তথা চিৰাং জিলা বিপিএফৰ সভাপতি জেমচ বসুমতাৰীয়ে ।
লগতে পঢ়ক:বিজেপিৰ ১৫ গৰাকী নেতাক দলৰ পৰা বহিস্কাৰ