Durga Puja 2023 : কলিয়াবৰৰ পাঁচটি শিশুৰ ব্যতিক্ৰমী পূজাই আকৰ্ষণ কৰিছে সকলোকে - শাৰদীয় দুৰ্গোৎসৱ
Published : Oct 21, 2023, 3:39 PM IST
কলিয়াবৰ, 21 অক্টোবৰ : ৰাজ্যৰ চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ উলাহ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাক-জমকতাৰে আয়োজন কৰা হৈছে দুৰ্গা পূজাৰ ৷ সকলোতে পৰিলক্ষিত হৈছে এক উংসৱমুখৰ পৰিৱেশ ৷
চৌদিশে শাৰদীয় দুৰ্গোৎসৱৰ উছাহ-উদ্দীপনাৰ মাজতে কলিয়াবৰৰ পাঁচটিকৈ শিশুৰ ব্যতিক্ৰমী কৰ্মই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ কলিয়াবৰৰ চুলুঙৰ দলাপানী গাঁৱৰ অভয় বিশ্বকৰ্মা, সৌৰভ দাস, শ্বেতা দাস, অংকিতা ৰাজভৰ আৰু মনীষ ৰাজভৰ নামৰ শিশুকেইটিয়ে ঘৰৰ প্ৰাংগনত এক সৰু পূজা মণ্ডপ নিৰ্মাণ কৰি উদযাপন কৰিছে শাৰদীয় দুৰ্গোৎসৱ ৷
কাগজেৰে দুৰ্গা, লক্ষী, সৰস্বতী, কাৰ্ত্তিক আৰু গণেশৰ মূৰ্তি নিজে নিৰ্মাণ কৰি ধৰ্মীয় নীতি-নিয়মেৰে শিশুকেইটিয়ে ষষ্ঠীৰ পৰাই চলাই গৈছে পূজা-অৰ্চনা ৷ বিজয়া দশমীত প্ৰতিমা বিসৰ্জনো দিব এই পাঁচটি শিশুৱে ৷
লগতে পঢ়ক :What happens on Saptami Durga Puja ? : মহাসপ্তমীৰ দিনা মাৰ কোনটো ৰূপক আৰাধনা কৰা হয় ?