Child marriage in Nalbari:আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযানত আটক এজন - বাল্য বিবাহ বিৰোধী অভিযান
নলবাৰী, ২ আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাল্য বিবাহ বিৰোধী অভিযানৰ দ্বিতীয় খণ্ড পুনৰ চলিব বুলি সদৰী কৰাৰ পিচতো আইনৰ প্ৰতি কোনো ভয় নাই একাংশ মৰসাহকাৰী লোকৰ । ৰাজ্যত বাল্য বিবাহ বিৰোধী আইন সষ্টম হৈ থকাৰ মাজতে নলবাৰীত নাবালিকা পলুৱাই নি বিবাহ কৰি আটক হ’ল এজন যুৱক । বাল্য বিবাহৰ অভিযোগত নিশা নলবাৰীৰ বালিকুছিৰ পৰা আৰক্ষীয়ে আটক কৰে এজন যুৱকক । আটকাধীন যুৱকজনৰ নাম ফৰমান আলী(২২) ।
জিলাখনৰ বেলশৰৰ বালাপাৰাৰ পৰা এগৰাকী ১৬ বছৰীয়া কিশোৰীক প্ৰেম সূত্ৰে পলুৱাই নিছিল যুৱকজনে । ঘটনা সংক্ৰান্তত বেলশৰ আৰক্ষী থানাত 174/23 নম্বৰৰ ৰুজু হৈছিল এটা গোচৰ । উক্ত গোচৰৰ ভিত্তিত নলবাৰী জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ তৎপৰতাত আদাবাৰী পহৰা চকীৰ আৰক্ষীয়ে নিশা আটক কৰে যুৱকজনক । যুৱকজনৰ লগতে কিশোৰী গৰাকীকো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । পৰৱৰ্তী সময়ত আটকাধীন যুৱকজনৰ লগতে কিশোৰী গৰাকীসহ দুয়োজনকে বেলশৰ আৰক্ষী থানালৈ লৈ যোৱা হয় ।
লগতে পঢ়ক :Child marriage:বৰপেটাৰোডত বাল্যবিবাহ কৰি গ্ৰেপ্তাৰ হ’ল দীপাংকৰ দাস