অসম

assam

হোজাইত মাদক দ্ৰব্য তথা বাল্যবিবাহ আৰু বহু বিবাহৰ ওপৰত সজাগতা সভা

ETV Bharat / videos

Child marriage awarness program: হোজাইত মাদক দ্ৰব্য তথা বাল্য বিবাহ-বহু বিবাহৰ ওপৰত সজাগতা সভা - হোজাই জিলাৰ আৰক্ষী বিষয়া হেমন্ত শৰ্মা

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 10:46 AM IST

হোজাই, ১৬ নৱেম্বৰ:হোজাই জিলাৰ ডবকাৰ ভেলেউগুৰিত বুধবাৰে বিয়লি এক বৃহৎ সজাগতা সভা অনুষ্ঠিত কৰা হয় । সদৌ অসম গাড়ী চালক সন্থাৰ উদ্যোগত ড্ৰাগছ্‌, মদ, গাঞ্জা আদি মাদক দ্ৰব্যৰ লগতে বাল্য বিবাহ আৰু বহু বিবাহৰ ওপৰত এই সজাগতা সভাখন অনুষ্ঠিত হয় । উক্ত সজাগতা সভাখনত বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী, হোজাই জিলাৰ আৰক্ষী বিষয়া হেমন্ত শৰ্মাৰ লগতে জিলাখনৰ সমাজ কল্যাণৰ লগত জড়িত বহু গণ্যমান্য ব্যক্তি উপস্থিত থাকে ।

সজাগতা সভাত উপস্থিত থকা বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী আৰু আৰক্ষী বিষয়া হেমন্ত শৰ্মাই ড্ৰাগছ, মদ, গাঞ্জা তথা বাল্য বিবাহ আৰু বহু বিবাহৰ পৰা কিদৰে সমাজখন প্ৰভাৱান্বিত হয়, তাৰ ওপৰত বক্তৃতা প্ৰদান কৰি এইসমূহ ৰোধ কৰাৰ সন্দৰ্ভত পৰামৰ্শ আগবঢ়ায় । ইয়াৰ উপৰিও সভাত উপস্থিত থকা লোকসকলে এক আলোচনা জৰিয়তে সমাজত প্ৰচলিত অসামাজিক কাৰ্য-কলাপৰ কিদৰে ৰোধ কৰিব পাৰি সেই বিষয়ে নিজৰ মতামত আগবঢ়ায় ।

লগতে পঢ়ক:Anti-Drug Awarness meeting: মঙলদৈ মহাবিদ্যালয়ত ড্ৰাগছৰ বিৰুদ্ধে সজাগতা সভা

ABOUT THE AUTHOR

...view details