Snakebite kills child :পালেঙত শুবলৈ যাওঁতেই সাপে খুঁটিলে অবিনাশক - সাপে খোঁট মাৰে
জোনাই, 10 আগষ্ট : জোনাইৰ চিগা কঠালগুৰীত সৰ্পদংশনত এটি শিশুৰ মৃত্যু, মৃত্যুক লৈ অঞ্চলটোত চাঞ্চল্য । ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত গালী মেছাকীত সংঘটিত হৈছে এই ঘটনা ।
জানিব পৰা মতে চিগা কঠালগুৰিৰ নিবাসী প্ৰফুল্ল পেগুৰ পুত্ৰ অবিনাশ পেগুৱে পঢ়া সামৰি শুবলৈ বুলি পালেঙলৈ উঠোতেই সাপে খোঁট মাৰে ৷ প্ৰথমতে শিশুটিয়ে মকৰাই কামোৰা বুলি ভাবিছিল ৷ পিচতহে সি গম পাই পৰিয়ালক অৱগত কৰে ৷
পৰিয়ালৰ লোকে ততাতৈয়াকৈ জোনাই অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও পৰৱৰ্তী সময়ত বিষ অধিক হোৱাত পাছিঘাটলৈ প্ৰেৰণ কৰে । চিকিৎসকে চিকিৎসা কৰাৰ পাচতো বচাবলৈ সক্ষম নহ’ল অবিনাশক । শিশুটিৰ মৃত্যুৰ ঘটনাই সমগ্র জোনাইৰ গালী চিগা অঞ্চলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে ৷
লগতে পঢ়ক :Dhemaji college girl missing: ধেমাজিত কলেজীয়া ছাত্ৰী সন্ধানহীন