বৰপেটাৰোডত শিশুৰ সলিল সমাধি - বৰপেটাৰোডত সংঘটিত হৈছে এক শোকবহ ঘটনা
বৰপেটা জিলাৰ বৰপেটাৰোডত সংঘটিত হৈছে এক শোকবহ ঘটনা । চহৰখনৰ মাজ মজিয়াত থকা মোহনলাল চৌধুৰী স্মৃতি উদ্যান চৌহদৰ পুখুৰীত পৰি এটি আঠ বছৰীয়া শিশুৰ সলিল সমাধি ঘটে (Child dies falling into water in Barpeta Road)। ঘটনাৰ বিৱৰণি অনুসৰি বৰপেটাৰোডৰ চন্দনা ষ্টোৰৰ স্বত্বাধিকাৰী তথা ৭ নং ৱাৰ্ডৰ বাসিন্দা নেপাল সাহাৰ পুত্ৰ বিকি সাহাই উদ্যানৰ পুখুৰীটোত অকাস্মাৎ পৰি যায় । সেই স্থানত উপস্থিত লোকে ঘটনাটো প্ৰত্যক্ষ কৰি লগে লগে আৰক্ষীক অৱগত কৰে। সেই সময়ত কৰ্তব্যৰত আৰক্ষী বিষয়া মৃদুল বৰাই ততাতৈয়াকৈ শিশুটোৰ সন্ধানত পানীত জাপ দিয়ে । কিছুসময়ৰ পাছত শিশুটিক উদ্ধাৰ কৰি বৰপেটাৰোডৰ চিকিৎসালয়লৈ(Barpeta Road Hospital) প্ৰেৰণ কৰে যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷
Last Updated : Feb 3, 2023, 8:27 PM IST