Child death in Morigaon: মৰিগাঁৱত শিশুৰ সলিল সমাধি - মৰিগাঁৱত শিশুৰ সলিল সমাধি
মৰিগাঁও,১৯ আগষ্ট: মৰিগাঁৱৰ ডাঙৰীয়া গাঁৱত শুকুৰবাৰে বিয়লি সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । পুখুৰীত পৰি সলিল সমাধি ঘটে এগৰাকী কণমানিৰ । জেঠায়েকৰ ঘৰৰ সমীপৰ পুখুৰীত পৰি সলিল সমাধি কণমানিটিৰ । চুবুৰীয়া আৰু পৰিয়াল উদ্ধাৰ কৰি মৰিগাঁও শ্বহীদ তিলক হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে মৃত ঘোষণা কৰে ।
জানিব পৰা মতে মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত চৰতবড়ী গাঁৱৰ পৰা মোমায়েকৰ ঘৰলৈ যোৱাৰ পথত কাষতে থকা জেঠায়েকৰ ঘৰলৈ গৈ কিছু সময় নিখোজ হোৱাত বিচাৰ খোচাৰ কৰাত জেঠায়েকৰ ঘৰৰ চোতালৰ ওচৰতে পুখুৰীত প্ৰত্যক্ষ কৰে কণমানিটিক । লগে লগে মৰিগাঁও শ্বহীদ তিলক হেমৰাম, গুণাভিৰাম অসামৰিক চিকিৎসালয়লৈ আনে যদিও অৱশেষত মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসকে মৃত ঘোষণা কৰাত মৰিগাঁও অসামৰিক চিকিৎসালয়তে শোকাকুল পৰিৱেশে বিৰাজ কৰে ।
লগতে পঢ়ক:Drugs Seized in Bongaigaon : বঙাইগাঁৱত ড্ৰাগছসহ আটক ওম প্ৰকাশ মণ্ডলক