Child Died in a Fire Brokeout: মৰ্মান্তিক; অগ্নিকাণ্ডত আহত কণমানিৰ মৃত্যু - কণমাণিৰ মৃত্যু
শিৱসাগৰ, 4 মে’: শিৱসাগৰ নগৰৰ মাজমজিয়াৰ যমুনা ৰোড চাৰিআলিত বুধবাৰে দিনত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাত আহত হোৱা কণমানিটিৰ বুধবাৰে নিশা ডিব্ৰুগড়ৰ চিকিৎসালয়ত মৃত্যু হয় ৷ শিৱসাগৰ পৌৰসভাৰ পৌৰকৰ্মীয়ে নৰ্দমা চাফা কৰি থকা অৱস্থাত ৰন্ধন গেছৰ পাইপ লাইন ফাটি এই অগ্নিকাণ্ড সংঘটিত হৈছিল ৷ অগ্নিকাণ্ডত কণমানিটিৰ লগতে পপী শইকীয়া, লাটু দাস, সুৰুজ ঠাকুৰ নামৰ ব্যক্তিকেইজন এই অগ্নিকাণ্ডত আহত হোৱাৰ বিপৰীতে পৌৰসভাৰ জেচিবি চালক প্ৰফুল্ল ফুকন বাহনৰ পৰা পৰি আঘাতপ্ৰাপ্ত হৈছিল (Massive Fire breakout in Sivsagar) ৷
আনহাতে এই ঘটনা সন্দৰ্ভত কণমানিটিৰ পৰিয়ালৰ তৰফৰ পৰা শিৱসাগৰ সদৰ থানাত পৌৰসভাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে ৷ পৌৰসভাৰ ভুলৰ বাবেই এই মৰ্মান্তিক ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে পৰিয়ালে (Child Died in a Fire Brokeout) ৷
ইফালে এই সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি অনুসূচিত জাতি ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ উদ্যোগত আজি শিৱসাগৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷ শিৱসাগৰ পৌৰসভাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ভুক্তভোগী পৰিয়ালক উচিত ক্ষতিপূৰণ আৰু চিকিৎসা ব্যয় প্ৰদান কৰাৰ দাবী কৰে প্ৰতিবাদী ৰাইজে ৷ পৰৱৰ্তী সময়ত প্ৰতিবাদস্থলীত শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালি কোঁৱৰ উপস্থিত হৈ পঞ্চাশ হাজাৰ টকাৰ ক্ষতিপূৰণ আৰু চিকিৎসা ব্যয় বহন কৰাৰ প্ৰতিশ্ৰুতি দিয়ে প্ৰতিবাদকাৰীসকলক (Child Died in a Fire Broke out in Sivasagar) ৷
লগতে পঢ়ক:Fire in Sivsagar: শিৱসাগৰত দাউদাউকৈ জ্বলি উঠিল গেছ পাইপ লাইন