Child drown in river: মানাহ নৈত পৰি প্ৰাণ হেৰুৱালে কণমানিয়ে - Child drown in river
মাণিকপুৰ, 29 জুন : বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত শিলঘাগৰিত ঈদৰ আনন্দৰ মাজতেই মৰ্মান্তিক ঘটনা সংঘটিত হয়। খেলি থকা অৱস্থাতে মানাহ নৈত পৰি এটা 9 বছৰীয়া শিশুৰ সলিল সমাধি ঘটে ৷ লগে লগে স্থানীয় ৰাইজে পানীত নামি শিশুটি বিচাৰিবলৈ আৰম্ভ কৰে যদিও বহু সময়ৰ পিচত উদ্ধাৰ কৰিবলৈ সক্ষম হয় শিশুটিক ৷ লগে লগে শিশুটিক উদ্ধাৰ কৰি মাণিকপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে শিশুটি মৃত বুলি ঘোষণা কৰে।
পবিত্ৰ ঈদৰ দিনাই মৰ্মান্তিক ঘটনা সংঘটিত হোৱাত পৰিয়ালটোৰ লগতে অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মাণিকপুৰ আৰক্ষীয়ে SDRF বাহিনীক খবৰ দিয়ে যদিও SDRF বাহিনী আহি পোৱাৰ পূৰ্বেই শিশুটিক স্থানীয় ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ ঘটনাৰ বুজ লয়। আৰক্ষীয়ে শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বঙাইগাঁওলৈ প্ৰেৰণ কৰে । এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়ক:Police collects illegal tax: সীমান্তত অসমৰ বাহনৰ পৰা গুণ্ডাটেক্স সংগ্ৰহ বংগ আৰক্ষীৰ