Minor suffering from severe disease: সন্তানৰ চিকিৎসাৰ বাবে সহায়ৰ আহ্বান পিতৃ-মাতৃৰ - এলিচা ৰামচিয়াৰী
Published : Nov 14, 2023, 8:19 PM IST
বাক্সা, ১৪ নৱেম্বৰ :বাক্সা জিলাৰ বৰমা থানাৰ অন্তৰ্গত ম’হখুলি গাঁওৰ আনন্দ ৰামচিয়াৰী আৰু কুসুমী ৰামচিয়াৰীৰ একমাত্ৰ কন্যা এলিচা ৰামচিয়াৰী । জীৱনৰ অৰ্থ বুজি নোপোৱা এলিচা এতিয়া আক্ৰান্ত জটিল ৰোগত ৷ এলিচাৰ জীৱনলৈ নামি অহা দুঃসংবাদে থান-বান কৰি পেলালে পৰিয়ালটি ৷ কোনোমতে জীৱন নিৰ্বাহ কৰা পৰিয়ালটিয়ে দিক-বিদিক হেৰুৱাই অৱশেষত কাষ চাপিল সংবাদ মাধ্যমৰ ৷
পখিলা খেদি হাঁহি ধেমালি কৰি থকাৰ বয়সতে দুৰাৰোগ্য ৰোগে জটিল কৰি তুলিছে শিশুটিৰ জীৱন । জন্মৰ পিছৰে পৰা হাড়ৰ মজ্জা (Bone Marrow) ৰ ৰোগত ভুগি থকা শিশুটিৰ চিকিৎসা ইতিমধ্যে বহুদিন ধৰি চলি আছে ৷ চেন্নাইলৈয়ো নিয়া হৈছিল শিশুটিক । কিন্তু এতিয়া অপাৰেচনৰ বাবদ ত্ৰিশ লক্ষাধিক টকা খৰচ হ’ব বুলি পৰিয়ালটোৱে জানিব পাৰি উপায়ন্তৰ হৈ পৰিছে । এই বৃহৎ ধন যুগুটোৱাতো ডাঙৰ প্ৰত্যাহ্বান হৈ থিয় দিছে তেওঁলোকৰ সন্মুখত । শিশুটিক নতুন জীৱন দিয়াৰ বাবে পৰিয়ালটোৱে যৎপৰোনাস্তি চেষ্টা চলাই ভাগৰি পৰিছে । পাঁচ বছৰীয়া শিশুটিক আৰোগ্য কৰি তোলাৰ নিমিত্তে পৰিয়ালটোৱে ৰাইজৰ পৰা বিচাৰিছে সহায় । আপোনালোকও যদি সহায় কৰিব বিচাৰে তেন্তে 8011563895 নম্বৰত যোগাযোগ কৰিব পাৰিব ৷ পৰিয়াটিৰ একাউন্ট নম্বৰ -
Ananda Ramchiary A/C 41253822063
IFSC-SBIN0061672
Branch Code. 61672
Mobile 8011563895 ৷
লগতে পঢ়ক :Minor Suffering From Cancer: পখিলা খেদাৰ বয়সতেই কৰ্কট ৰোগত আক্ৰান্ত যোৰহাটৰ এটি শিশু; সহায়ৰ আহ্বান