অসম

assam

কঠীয়াতলীত ষঠ পূজা উদযাপন

ETV Bharat / videos

কঠীয়াতলীত ষঠ পূজা উদযাপন - chhath puja

By ETV Bharat Assamese Team

Published : Nov 20, 2023, 8:59 AM IST

বঢ়মপুৰ, 20 নৱেম্বৰ :ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকে সূৰ্য ষষ্ঠী সমাজ কল্যাণ সমিতি কঠীয়াতলী শাখাৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এই বৰ্ষটো 19 আৰু 20 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে সূৰ্য দেৱতাক প্ৰণাম কৰা উদ্দেশ্যে আয়োজন কৰা হয় ষঠ পূজা । সম্পূৰ্ণ মাংগলিক নীতি-নিয়মৰ মাজেৰে অনুষ্ঠিত কৰা হৈছে এই পূজা ভাগ ।

উল্লেখ্য যে, পৰম্পৰা অনুসৰি সকলো ভক্তপ্ৰাণ ৰাইজে পূজাস্থলীত পূৰ্জা অৰ্চনা কৰাৰ লগতে বিশ্ব শান্তি, অপায় অমংগল, ৰোগ ব্যাধিৰ পৰা পৰিত্ৰাণ পাবৰ বাবে পুৰুষ-মহিলা সকলোৱে সূৰ্য দেৱতাক স্মৰণ কৰে ৷ লক্ষণীয় যে, ২৪ টা বৰ্ষত ভৰি দিয়া এই পূজাভাগৰ লগত সংগতি ৰাখি উদযাপন সমিটিয়ে নিশাৰ ভাগলৈ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ লগতে নিমন্ত্ৰিত শিল্পী সকলৰদ্বাৰা "নাম-কীৰ্তনৰ" আয়োজন কৰা হৈছে ৷

দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা এই পূজা ভাগত অঞ্চলটোৰ বহু ভক্তপ্ৰাণ ৰাইজ উপস্থিত থাকে ৷

লগতে পঢ়ক:পৰম্পৰাগত ৰীতি-নীতিৰে মৰিগাঁৱত পালিত হ’ল ষঠ পূজা

ABOUT THE AUTHOR

...view details