অসম

assam

চুঁচৰি বাগৰি পূজাস্থলীত উপস্থিত এগৰাকী মহিলা

ETV Bharat / videos

ধনশিৰি নদীৰ পাৰত অনুষ্ঠিত ষঠ পূজা, চুঁচৰি বাগৰি পূজাস্থলীত উপস্থিত এগৰাকী মহিলা

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 10:07 PM IST

গোলাঘাট, 19 নৱেম্বৰ :আজি ষঠ পূজা ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোলাঘাটতো পালন কৰা হৈছে ষঠ পূজা ৷ নৱ যুৱ শক্তি, সখী চেহেলী আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত আয়োজন কৰা হৈছে এই পূজা । গোলাঘাটৰ শালমিৰা মুখৰ ধনশিৰি নদীৰ পাৰত অনুষ্ঠিত ষঠ পূজাস্থলীত ব্যতিক্ৰমীৰূপত উপস্থিত হয় এগৰাকী মহিলা ৷ গোলাঘাটৰ বাসিন্দা পুষ্পা সিং নামৰ মহিলাগৰাকী প্ৰতি বছৰৰ দৰে এইবাৰো চুঁচৰি বাগৰি ষঠ পূজাস্থলীত উপস্থিত হয় মহিলা ভক্তগৰাকী ।

মহিলা গৰাকীয়ে প্ৰায় এক কিলোমিটাৰ পথ চুঁচৰি বাগৰি উপস্থিত হয় গোলাঘাটৰ শালমিৰা মুখৰ ধনশিৰি নদীৰ পাৰত আয়োজিত ষঠ পূজাস্থলীত । নদীৰ পাৰত উপস্থিত হৈ সূৰ্য দেৱতাৰ আৰাধনা কৰে মহিলাগৰাকীয়ে । সমগ্ৰ পথচোৱাত মহিলাগৰাকীক সংগ দিয়ে তেওঁৰ স্বামীয়ে ৷ আনহাতে ধনশিৰি নদীৰ পাৰত অনুষ্ঠিত ষঠ পূজাস্থলীত ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক:মুখ্যমন্ত্ৰীৰ পৰা কিয় বিশেষ ফৰ্মুলা বিচাৰিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে ? 

ABOUT THE AUTHOR

...view details