অসম

assam

ষঠ পূজাক লৈ বিহপুৰীয়াত উখল-মাখল পৰিৱেশ

ETV Bharat / videos

ষঠ পূজাক লৈ বিহপুৰীয়াত উখল-মাখল পৰিৱেশ - Chhath puja significance

By ETV Bharat Assamese Team

Published : Nov 19, 2023, 11:30 AM IST

বিহপুৰীয়া, ১৯ নৱেম্বৰ :ৰাজ্যৰ ভিন্ন প্ৰান্তত ষঠ পূজাক লৈ উখল-মাখল পৰিৱেশ । লখিমপুৰ জিলাৰ বিহপুৰীয়াতো উলহ-মালহেৰে ষঠ পূজা উদযাপনৰ বাবে পুৱাৰে পৰা ডিক্ৰং নৈৰ পাৰত অগণন লোকে ভিৰ কৰা পৰিলক্ষিত হয় । আন আন বৰ্ষৰ দৰে এইবাৰো বিহপুৰীয়া ভোজপুৰী যুৱ মঞ্চৰ ব্যৱস্থাপনাত বিহপুৰীয়া নগৰৰ কাষেৰে বৈ যোৱা ডিক্ৰঙৰ পাৰত হ’ব ষঠ পূজা উদযাপন ।  

উল্লেখ্য যে, বিহাৰী সম্প্ৰদায় লোকসকলৰ লগতে আন্যান্য ভাষা-ভাষী লোকেও পূজাস্থলীত ভিৰ কৰি আনন্দ উপভোগ কৰা পৰিলক্ষিত হয় । হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিব এই পূজাস্থলীত । ইফালে দেওবাৰে দুই বজাৰ পৰা অনুষ্ঠিত হ'ব লগা বিশ্বকাপ ক্ৰিকেটৰ ফাইনেল খেলখনো পূজাস্থলীতে ডাঙৰ পৰ্দাত দেখুওৱাৰ ব্যৱস্থা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক :ষঠ পূজাৰ বাবে সাজু গুৱাহাটীৰ চূণচালি ঘাট

ABOUT THE AUTHOR

...view details