অসম

assam

By

Published : Oct 30, 2022, 2:22 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / videos

Chhath Puja 2022: জোনাইৰ বিভিন্ন প্ৰান্তত ষঠ পূজাৰ ব্যাপক আয়োজন

আজি ষঠ পূজা (Chhath Puja 2022) ৷ হিন্দু ধৰ্মীয় বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ বাবে অন্যতম পূজা হৈছে ষঠ পূজা । পূৰ্বৰ পৰম্পৰা অনুযায়ী তিনিদিনীয়াকৈ পালন কৰা হয় এই ষঠ পূজা । দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ষঠ পূজাৰ বাবে ব্যাপক আয়োজন চলিছে ৷ জোনাইৰ বিভিন্ন প্ৰান্তত আজি ষঠ পূজাৰ ব্যাপক আয়োজন ৷ জোনাইৰ ব্লক চছাইটি পুখুৰী, লক্ষী নেপালী দৰ্গা মন্দিৰ, ৰে’লৱে ষ্টেচন ডাঙৰীয়া বাবা মন্দিৰ, ৰুকচিন নদীৰ লগতে জোনাইৰ বিভিন্ন প্ৰান্তত কেইবা শতাধিক বিহাৰী হিন্দু ভক্তপ্ৰাণ পৰিয়ালে সূৰ্য দেৱতাক সন্তুষ্ট কৰিবলৈ আজি সন্ধিয়াৰে পৰা ওলহ-মালহেৰে পালন কৰিব পূজা । ষঠ পূজাত অৱশ্যে আগদিনা সূৰ্য ডুব যোৱাৰ আগত আৰু পিছদিনা সূৰ্য উদয় হোৱাৰ সময়ত ভক্তসকলে নিজৰ মনোকামনা পূৰণ হোৱাৰ বাবে সূৰ্য দেৱতাক আৰাধনা কৰে । বিশেষকৈ ষট পূজাত বাৰেবৰণৰ ফলমূলৰ লগতে কুঁহিয়াৰ আৰু বাকী পূজাৰ সামগ্ৰী আদি ব্যৱহাৰ কৰা হয় । অৱশ্যে এই ষঠ পূজা আজি দোকমোকালিতো অনুষ্ঠিত হয় কাৰণ সূৰ্য উদয়ৰ লগত সান্নিধ্য আছে বুলি ভক্তসকলে জনাইছে ।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details