ধেমাজিৰ তেলিজানত ষঠ পূজা উদযাপন - Chhath Puja celebrated in Dhemaji
Published : Nov 20, 2023, 5:15 PM IST
ধেমাজি, 20 নৱেম্বৰ : সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজিতো পৰম্পৰাগত ৰীতি-নীতিৰে ষঠ পূজা পালন কৰা হৈছে ৷ ষঠ পূজা উপলক্ষে দুটাকৈ দিনত ধেমাজি নগৰত এক উলহ-মালহ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয় ৷ ষঠ পূজা উপলক্ষে দেওবাৰৰ পৰাই তেলিজান নদীৰ ঘাটত ভক্তৰ লানি নিছিগা সোঁত পৰিলক্ষিত হয় ৷
ধেমাজি নগৰৰ সমীপৰ তেলিজান নদীত নামি পুৱা আৰু গধূলি সূৰ্যক প্ৰণাম কৰি পূজা-অৰ্চনা কৰাৰ লগতে ৰাইজৰ মংগল কামনা কৰে ভক্ত সকলে ৷ উল্লেখ্য যে ধেমাজি সদৰৰ হিন্দীভাষী লোকসকলৰ উপৰিও অন্যান্য সম্প্ৰদায়ৰ লোকসকলেও এই পূজাত সহযোগ কৰে ৷
ইফালে সোমবাৰে পুৱাৰ ভাগত তেলিজান নদীৰ দুয়োপাৰে অগণন ভক্ত আৰু দশনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয় ৷ এই পূজাৰ জৰিয়তে ভাৰতীয় লোকসকলে ব্ৰতৰ মাধ্যমত নিজৰ মনোকামনা পূর্ণ কৰাৰ অৰ্থে সূৰ্যক আৰাধনা কৰে ।
লগতে পঢ়ক :ডিক্ৰঙত জপিয়াই সন্ধানহীন হোৱা দিব্য বৰাৰ মৃতদেহ উদ্ধাৰ