অসম

assam

ETV Bharat / videos

হাতী-মানুহৰ সংঘাত ৰোধৰ দাবীত উত্তাল মৰঙী - Chatra Mukti Samiti demand for protection

By

Published : Sep 1, 2022, 4:36 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(Man Elephant Conflict in Assam)৷ নিতৌ হাতীৰ আক্ৰমণত কোনোবা নহয় কোনোবা এখন জিলাত এজন লোকে হ'লেও প্ৰাণ হেৰুৱাইছে । বন্যহস্তীয়ে ক'ৰবাত যদি ঘৰ ভাঙিছে, আন ক'ৰবাত আকৌ খেতিপথাৰত বিস্তৰ ক্ষতিসাধন কৰিছে । খেতিপথাৰ তহিলং কৰাত খেতিয়কে মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰো সৃষ্টি হৈছে । হাতীয়ে বিধ্বস্ত কৰা ভগা পঁজাটো পুনৰ নিৰ্মাণৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে হেজাৰ হেজাৰ লোকে । আন জিলাৰ লগতে গোলাঘাটতো(Man Elephant Conflict in Golaghat)হাতী-মানুহৰ সংঘাতে জটিলৰূপ ধাৰণ কৰিছে । জিলাখনৰ বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকা মৰঙী অঞ্চলৰ লোকসকলে প্ৰতিটো মুহূৰ্ততে সংশয়ৰ মাজেদি সময় অতিবাহিত কৰিবলগীয়া হৈছে । হাতী-মানুহৰ সংঘাত আঁতৰাবলৈ বন বিভাগে উপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে মৰঙী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ(Chatra Mukti Sngram Samiti demand for protection)উদ্য়োগত ৰাইজে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । পোৰাবঙলাৰ ৩৯ নং ঘাইপথৰে সমদল উলিয়াই মৰঙী ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক ৰাইজে হাতী-মানুহৰ সংঘাত ৰোধৰ বাবে দাবী জনায়(Public protest at Morangi in Golaghat)। প্ৰতিবাদী জনতাই হাতী-মানুহৰ সংঘাতৰ স্থায়ী সমাধানৰ লগতে কৃষকক উপযুক্ত ক্ষতিপুৰণৰ দাবীৰে উত্তাল কৰে মৰঙী ৰাজহ চক্ৰ কাৰ্যালয় চৌহদ ।
Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

...view details