অসম

assam

মৰিগাঁৱত চড়ক পূজা উদযাপন

By

Published : Apr 15, 2023, 8:53 AM IST

ETV Bharat / videos

Charak Puja: মৰিগাঁৱত পৰম্পৰাগত ৰীতি-নীতিৰে চড়ক পূজা উদযাপন

মৰিগাঁও, 15 এপ্ৰিল:ৰঙালী বিহুৰ সমান্তৰালভাৱে ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে চড়ক পূজা ৷ মৰিগাঁৱতো পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা হৈছে চড়ক পূজা (Charak Puja celebrated in Assam) ৷  

গৰু বিহুৰ দিনাই মৰিগাঁৱৰ শিঙিমাৰী, বাকৰিচাপৰিত উদযাপন কৰা হয় চড়ক পূজা (Charak Puja celebrated in Morigaon) ৷ উল্লেখযোগ্য যে লাহৰীঘাট অঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত সৰ্বস্বান্ত হৈ মৰিগাঁও নগৰৰ সমীপৰ শিঙিমাৰী, বাকৰিচাপৰিত বিগত 23 বছৰে আশ্ৰয়গ্ৰহণ কৰি অহা এইসকল লোকে পৰম্পৰাগতভাৱে বিগত 21 বছৰে পালন কৰি আহিছে পৰম্পৰাগত এই চড়ক পূজা ৷ অঞ্চলটোৰ সকলো ৰাইজেই এই পূজাত অংশগ্ৰহণ কৰাৰ লগতে সকলো লগ হৈ ৰাইজৰ কুশল কামনা কৰি পূজা-অৰ্চনা কৰে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে (Charak Puja celebrated) ৷  

এই পূজাত লোৰে নিৰ্মিত বৰশী পিঠিত বিন্ধাই, জুইৰ আঙঠাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ লগতে পৰম্পৰাগতভাৱে কিছুমান অদ্ভূত খেল পৰিৱেশন কৰা হয় । মৰিগাঁৱত অনুষ্ঠিত হোৱা এই পূজাতো উপস্থিত ৰাইজৰ আগত কেইবাটাও অদ্ভুত তথা দঃসাহসিক খেল প্ৰদৰ্শন কৰা হয় (Charak Puja) ৷

ABOUT THE AUTHOR

...view details