Charak Puja celebrated: পৰম্পৰাগত ৰীতি-নীতিৰে চড়ক পূজা উদযাপন
বাক্সা, ১৪ এপ্ৰিল: ৰাজ্যত ৰঙালী বিহুৰ উলহ মালহৰ লগতে বাক্সাত পৰম্পৰাগত ৰীতি-নীতিৰে চড়ক পূজা উদযাপন কৰা হৈছে (Charak Puja celebrated in Baksha) ৷ বিগত ৭৩ বছৰ ধৰি বাক্সা জিলাৰ বৰমাস্থিত মুৰমেলাত চৰক পূজা উদযাপন কৰি অহা হৈছে (Charak Puja celebrated in Assam)৷ চাহ জনগোষ্ঠীয় বঙালী সম্প্ৰদায়ৰ লোকসকলে চ'ত মাহৰ ৩১ তাৰিখে প্ৰতিবছৰে পালন কৰে এই চড়ক পূজা ৷ শুকুৰবাৰে এই পৰম্পৰা ধৰি ৰাখি বাক্সা জিলাৰ মুৰমেলা খেলপথাৰত বিয়লি চৰক পূজা অনুষ্ঠিত কৰা হয় ।
এই পূজাত বৰশীৰে পিঠিত বিন্ধাই, জুইৰ লেলিহান আঙঠাৰ ওপৰেৰে পাৰ হৈ যোৱাৰ লগতে পৰম্পৰাগতভাৱে কৰি অহা কিছুমান অদ্ভূত খেল পৰিৱেশন কৰা হয় । এই পূজাত কেইবাটাও অদ্ভুত খেল প্ৰদৰ্শন কৰি উপস্থিত সহস্ৰাধিক ৰাইজক আমোদ দিয়ে । বছৰ বছৰ ধৰি চলি থকা চড়ক পূজা অনুষ্ঠানৰ জৰিয়তে দেওধনি দিয়া লোকসকলক সেৱাও জনায় উপস্থিত লোকসকলে ।
লগতে পঢ়ক:Assamese Bihu traditions: ৰঙালী বিহুত খোৱা এশ এবিধ শাকৰ ঔষধি গুণাগুণৰ কথা কেতিয়াবা ভাবি চাইছেনে ?
সম্পূৰ্ণ সাতদিন ধৰি শিৱক পূজা আৰাধনা কৰাৰ অন্তত আজি বঙালী সম্প্ৰদায়ৰ লোকসকলে চড়ক পূজা পালন কৰে বুলি জানিবলৈ দিয়ে পূজা কমিটিয়ে ৷