অসম

assam

গোবৰ দলিয়াই উদযাপন কৰা চানিয়াদি উৎসৱ

ETV Bharat / videos

গোবৰ দলিয়াই উদযাপন কৰা চানিয়াদি উৎসৱৰ বিষয়ে জানেনে ?

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 8:06 PM IST

নিউজ ডেস্ক, 16 নৱেম্বৰ : শতিকাৰ পাচত শতিকাজুৰি তামিলনাডুত উদযাপন কৰি অহা হৈছে এক বিশেষ উৎসৱ ৷ য’ত কেৱল পুৰুষসকলেহে অংশগ্ৰহণ কৰিব পাৰে ৷ উক্ত উৎসৱৰ নাম হৈছে চানিয়াদি উৎসৱ ৷ চানিয়াদি উৎসৱৰ ৰীতি-নীতি, পৰম্পৰা অনুসৰি চোলা পৰিধান নকৰাকৈ অংশগ্ৰহণ কৰা পুৰুষসকলৰ ইজনে সিজনৰ গালৈ গোবৰ দলিয়ায় ৷ প্ৰত্যেক বছৰে 15 নৱেম্বৰত আৰম্ভ হোৱা উক্ত উৎসৱ এইবেলিও কালি আৰম্ভ হৈছে ৷

বুধবাৰে তামিলনাডুৰ ৩০০ বছৰ পুৰণি বীৰেশ্বৰ মন্দিৰত চানিয়াদি উৎসৱ আৰম্ভ হয় ৷ উল্লেখ্য যে গাঁওবাসীয়ে কেবাদিনো ধৰি এটা বিশেষ স্থানত গোবৰ গোটাই ৰাখে আৰু ইয়াক উৎসৱ উদযাপনস্থলীলৈ লৈ যায় ৷ গাঁৱৰ জ্যেষ্ঠসকলে বিশেষ পূজা সম্পন্ন কৰাৰ পাচত যুৱকসকলে গোবৰৰ বল সাজি ইজনে সিজনৰ ফালে দলিয়াই উৎসৱটো উদযাপন কৰে ।

বিশ্বাস অনুসৰি এই উৎসৱে ৰোগমুক্তভাৱে জীয়াই থকাৰ উপৰিও কৃষিকাৰ্যৰ লগতে গাঁওখনো সমৃদ্ধ কৰে ৷

লগতে পঢ়ক :Chhath Puja 2023: কেতিয়া পালন কৰা হ’ব ষঠ পূজা ? অৰ্ঘৰ সঠিক দিন তথা সময় জানি লওক

ABOUT THE AUTHOR

...view details