অসম

assam

মহানৱমীত বিহপুৰীয়াৰ পূজা মণ্ডপত ভক্তৰ ভিৰ

ETV Bharat / videos

Durga Puja at Bihpuria : মহানৱমীত বিহপুৰীয়াৰ পূজা মণ্ডপত ভক্তৰ ভিৰ - বিহপুৰীয়া চন্দ্ৰযান 3 পূজা মণ্ডপ

By ETV Bharat Assamese Team

Published : Oct 23, 2023, 10:19 PM IST

বিহপুৰীয়া, 23 অক্টোবৰ : ৰাজ্যজুৰি পৰিলক্ষিত হৈছে শাৰদীয় দুৰ্গোৎসৱৰ আনন্দ-উলাহ ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জাক-জমকতাৰে উদযাপিত হৈছে দুৰ্গা পূজা ৷ মহানৱমী উপলক্ষে মংগল আৰতিৰ লগতে ঢাকৰ শব্দ আৰু দেৱী দুৰ্গাৰ শ্লোক, মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈ পৰিল ৰাজ্যৰ পূজা মণ্ডপসমূহ ৷ বিজয়া দশমীত দেৱীক বিসৰ্জন দিয়ালৈকে থাকিব দুৰ্গা পূজাৰ এই উছাহ ৷ দেৱী দুৰ্গাৰ আশীষ ল’বলৈ পূজা মণ্ডপসমূহত ভিৰ কৰিছে ভিন্নজনে ৷ আকাশে-বতাহে এতিয়া কেৱল দেৱী দুৰ্গাৰ জয়ধ্বনি-মংগলোচ্চাৰণ ৷ ৰাজ্যৰ আন আন প্ৰান্তৰ লগতে বিহপুৰীয়া নগৰৰ ১৬ খন পূজা মণ্ডপৰ সমান্তৰালকৈ নৱ সন্মিলিত দুৰ্গা পূজা সমিতিয়ে এইবাৰ ৩২ টা বৰ্ষত ভৰি দিলে ৷ এইবাৰ চন্দ্ৰযান-৩ৰ আৰ্হিত পূজা মণ্ডপ প্ৰস্তুত কৰি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ আনহাতে বিহপুৰীয়াৰ বিভিন্ন প্ৰান্তত আকৰ্ষণীয় ৰূপত সজাই তোলা পূজা মণ্ডপসমূহে দৃষ্টি আকৰ্ষণ কৰিছে ৰাইজৰ ৷

লগতে পঢ়ক:Durga Puja 2023 : চাবুৱাৰ খাৰজান চাহ বাগিচাৰ পূজাত উপস্থিত হৈ নষ্টালজিক হৈ পৰিল সৰ্বানন্দ সোণোৱাল

ABOUT THE AUTHOR

...view details