অসম

assam

চন্দ্ৰযানক লৈ উৎসুকতা

ETV Bharat / videos

Chandrayaan 3: বৰপেটা জিলাৰ ২২ শতাধিক শিক্ষানুষ্ঠানত চন্দ্ৰযানক লৈ উৎসুকতা

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 5:55 PM IST

বৰপেটা, ২৩ আগষ্ট : চন্দ্ৰৰ বুকুত ভাৰতৰ চন্দ্ৰযান-৩ য়ে ইতিহাস ৰচনাৰ গৌৰৱময় ক্ষণৰ সাক্ষী হ’বলৈ অপেক্ষা কৰিছে সমগ্ৰ ভাৰতবাসীয়ে । ইয়াৰ সমান্তৰালভাৱে ৰাজ্যৰ শিক্ষা বিভাগৰ নিৰ্দেশমৰ্মে ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীক চন্দ্ৰযান-৩ ৰ অৱতৰণ প্ৰক্ৰিয়া পোনপটীয়াকৈ দেখুৱাবলৈ বিদ্যালয়সমূহত চলিছে ব্যাপক প্ৰস্তুতি ।

সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ প্ৰায় ২২ শতাধিক বিদ্যালয়তো চন্দ্ৰযান ৩ ৰ অৱতৰণ মুহূৰ্তৰ দৃশ্য দেখুৱাবলৈ একাংশ বিদ্যালয়ত স্থাপন কৰা হৈছে প্ৰজেক্টৰসহ আন সকলো ব্যৱস্থা ৷ এই বিৰল ক্ষণৰ সাক্ষী হ’বলৈ শিক্ষকসকলৰ লগতে উৎসুকতাৰে অপেক্ষা কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ বৰপেটাৰ দক্ষিণ বৰপেটা বিদ্যামন্দিৰ হাইস্কুলৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীসকলে চন্দ্ৰযান ৩ ৰ সফল অৱতৰণ কামনা কৰাৰ লগতে এই বিৰল মুহূৰ্তৰ সাক্ষী হ’বলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷

লগতে পঢ়ক :Chandrayaan 3: চন্দ্ৰপৃষ্ঠত অৱতৰণৰ পূৰ্বৰ পৰ্যায় ব্যাখ্যা মহাকাশ বিশেষজ্ঞ গিৰীশ লিংগান্নাৰ

ABOUT THE AUTHOR

...view details