অসম

assam

অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ

ETV Bharat / videos

Assam Arunodoi Scheme : ১০ সহস্ৰাধিক হিতাধিকাৰীৰ উপস্থিতিত মন্ত্ৰী যোগেন মহনৰ অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ - যোগেন মহন

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 4:50 PM IST

তিনিচুকীয়া, ১১ অক্টোবৰ : অসম চৰকাৰৰ বহু অভিলাষী আঁচনি অৰুণোদয়ৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত বুধবাৰে তিনিচুকীয়া জিলাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয় ৷ তিনিচুকীয়া বৰগুৰিস্থিত জানমুখ খেলপথাৰত ১০ সহস্ৰাধিক হিতাধিকাৰীৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ বিতৰণ অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন উপস্থিত থাকে ৷

এই অনুষ্ঠানত অংগ্ৰহণ কৰি অসম চৰকাৰৰ জনহিতকৰ আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰি কংগ্ৰেছ দলৰ লগতে আন বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে মন্ত্ৰীগৰাকীয়ে ৷ লগতে অনাগত দিনত চৰকাৰে বাকী ৰৈ যোৱা দৰিদ্ৰ আৰু নিম্ন মধ্য বিত্ত পৰিয়ালৰ সুবিধাৰ্থে, কংগ্ৰেছৰ সূতা, কম্বল, লুঙী বিতৰণ আঁচনিৰ বিপৰীতে বিজেপি চৰকাৰৰ প্ৰত্যক্ষ অৰ্থ লাভৰ আঁচনিৰ যোগেদিহে জনগণ আৰ্থিক ভাৱে অধিক উপকৃত হ'ব বুলি নিজ ভাষণত উল্লেখ কৰে ৷

অনুষ্ঠানত হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ প্ৰমাণপত্ৰ লাভ কৰি যথেষ্ট সন্তোষ প্ৰকাশ কৰে ৷ এই অনুষ্ঠানত মন্ত্ৰী যোগেন মহনৰ লগতে ডিগবৈৰ বিধায়ক সুৰেণ ফুকন, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, অসম যুৱ আয়োগৰ উপাধ্যক্ষ অৰুণজ্যোতি মৰাণ, জিলা আয়ুক্ত স্বপ্লীল পালৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়া উপস্থিত থাকে ৷ 

লগতে পঢ়ক :Fire Break out : নলবাৰীৰ অৰুণোদয় কাৰ্ড বিতৰণ অনুষ্ঠানৰ পেণ্ডেলত অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details