Distribution of Ayushman Bharat Cards: হোজাইত আয়ুষ্মান ভাৰত কাৰ্ড বিতৰণ - Distribution of Ayushman Bharat Cards
🎬 Watch Now: Feature Video
হোজাই, 11 মে’: আজি হোজাই শংকৰদেৱ নগৰস্থিত মাহকুমাধিপতি কাৰ্যালয়ৰ কনফাৰেন্স হলত আয়ুষ্মান ভাৰত (PMJAY) কাৰ্ড বিতৰণ কৰা হয় ৷ এই অনুষ্ঠানত জিলাখনৰ অধিকাংশ যোগ্য হিতাধিকাৰী এই সেৱাৰ পৰা এতিয়ালৈকে বঞ্চিত হৈ থকা বুলি উল্লেখ কৰি মাহকুমাধিপতি লাচিত কুমাৰ দাসে জানিবলৈ দিয়ে যে, হোজাই মহকুমাৰ তিনিওটা সমষ্টিত 6 লাখ 2 হাজাৰ 461 গৰাকী যোগ্য হিতাধিকাৰী থকাৰ বিপৰীতে 3 লাখ 73 হাজাৰ 542 জনৰ আয়ুষ্মান ভাৰত বীমা কার্ড Ekyc সম্পূৰ্ণ হৈছে (Distribution of Ayushman Bharat Cards) ৷
বৰ্তমান প্ৰথম পৰ্যায়ত 26 হাজাৰ 822 খন কাৰ্ড হিতাধিকাৰীক বিতৰণৰ ব্যবস্থা কৰি আজি আনুষ্ঠানিকভাৱে তিনিটা সমষ্টিৰ 15 গৰাকী হিতাধিকাৰীক আয়ুষ্মান ভাৰত বীমা কার্ড প্ৰদান কৰা হয় ৷ এই অনুষ্ঠানত হোজাই আৰু লামডিংৰ বিধায়কৰ লগতে মাহকুমাৰ স্বাস্থ্য বিভাগৰ বিষয়া সকল উপস্থিত আছিল (Distribution of Ayushman Bharat card in Hojai) ৷
লগতে পঢ়ক:Phat Bihu at Dhakuakhana: ম'হঘুলি চাপৰিত উদুলি মুদুলি পৰিৱেশ; শুকুৰবাৰৰ পৰা ফাটবিহু