অসম

assam

টাকাম মিলি অপৃন কৌবাঙৰ কেন্দ্ৰীয় অধিৱেশনৰ সফল সামৰণি

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 4:05 PM IST

ETV Bharat / videos

ধেমাজিত টাকাম মিলি অপৃন কৌবাঙৰ কেন্দ্ৰীয় অধিৱেশনৰ সফল সামৰণি

ধেমাজি, 24 ডিচেম্বৰ : অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলৰ গোত্ৰ " টাকাম মিলি অপৃন কৌবাঙৰ" কেন্দ্ৰীয় ষষ্ঠ ত্ৰি বাৰ্ষিক অধিৱেশনৰ আজি অৰ্থাৎ 24 ডিচেম্বৰত সামৰণি পৰে ৷  যোৱা 22 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈকে ধেমাজি ৰাইচাপৰিৰ নৰেন্দ্ৰ মিলি ক্ষেত্ৰত অনুষ্ঠিত কৰা হৈছে এই ত্ৰি বাৰ্ষিক অধিৱেশন ৷

এই অনুষ্ঠানৰ প্ৰথম দিনটোত প্ৰতিনিধিসকলৰ নাম পঞ্জীয়ন কৰোৱা হয় ৷ দ্বিতীয় দিনা পতাকা উত্তোলন, শ্বহীদ তৰ্পন, নৰেন্দ্ৰ মিলি ক্ষেত্ৰ মুকলি কৰাৰ পিচত দুপৰীয়া মুকলি সভা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানত কেইবাখনো গ্ৰন্থ উন্মোচন, তেজপুৰৰ ৰবিনচন মিলিক আনুষ্ঠানিকভাৱে "মিলি উপাধি" প্ৰদান কৰা হয় ৷ এই সদৌ মিলি গোত্ৰ অধিৱেশনত ৰাজ্যৰ লগতে অৰুণাচল প্ৰদেশৰ কেইবাগৰাকী মিলি বংশাৱলী লোকেও অংশগ্ৰহণ কৰিছে ৷ 

লগতে পঢ়ক:শনিবাৰৰ পৰা মণিৰাম দেৱান ট্ৰেড চেন্টাৰত আৰম্ভ দ্বিতীয় বাৰ্ষিক আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা

ABOUT THE AUTHOR

...view details