অসম

assam

লখিমপুৰৰ বান খহনীয়া পৰ্যবেক্ষণ

ETV Bharat / videos

Flood in Assam: লখিমপুৰত বান খহনীয়া পৰিদৰ্শন কেন্দ্রীয় পৰ্যবেক্ষক দলৰ - Flood in Assam

By

Published : Jul 27, 2023, 5:02 PM IST

লখিমপুৰ, ২৭ জুলাই:লখিমপুৰত বান খহনীয়া পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ বৃহস্পতিবাৰে উপস্থিত হয় এটা কেন্দ্রীয় পৰ্যবেক্ষক দল । পুৱা দলটোৱে জিলাখনৰ নাওবৈচা, বিহপুৰীয়া আদি অঞ্চলত বান খহনীয়া বিধ্বস্ত এলেকা পৰিদৰ্শন কৰে । তেওঁলোকে ক্ষয় ক্ষতি সম্পৰ্কে বুজ লয় ।  

চি জি ৰজনী কান্থনৰ নেতৃত্বত সঞ্জয় কুমাৰ সিং,আদেলবাৰ্দ চুঙ্গী ,পুজা জৈনসহ চাৰি গৰাকী বিষয়াই প্ৰথমে লখিমপুৰ জিলা আয়ুক্তৰ লগত আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক বৈঠকত মিলিত হৈ জিলাখনৰ সামগ্ৰীক বান পৰিস্থিতিৰ বিষয়ে আলোচনা কৰে ।

পৰৱৰ্তী সময়ত আয়ুক্তৰ লগত দলটোৱে পৰ্যবেক্ষণ কৰে নাওবৈছাৰ শিঙৰা নদীয়ে চিঙি নিয়া মথাউৰীৰ অংশ । ইয়াৰ পাছতে বিহপুৰীয়াৰ পৰিস্থিতি পৰ্যবেক্ষণ কৰি দলটো গহপুৰলৈ বুলি ৰাওনা হয় । তাত বান আৰু খহনীয়াগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব দলটোৱে । তেওঁলোকে উভতি গৈ বান খহনীয়াৰ ক্ষয় ক্ষতি সন্দৰ্ভত কেন্দ্রীয় চৰকাৰক প্ৰতিবেদন দাখিল কৰিব ।

লগতে পঢ়ক:Murder in Guwahati: ফ্ৰেণ্ডছ পথত ৰহস্যজনকভাৱে উদ্ধাৰ মৃতদেহ; কাষত পৰি আছিল ৰডৰ টুকুৰা

For All Latest Updates

ABOUT THE AUTHOR

...view details