Minister Rameswar Teli : চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত হোৱা অযথা বিলম্বত উদ্বেগ প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ - জল জীৱন মিছন
শিৱসাগৰ, 19 আগষ্ট :কেন্দ্ৰীয় চৰকাৰৰ তেল, প্ৰাকৃতিক গেছ আৰু নিয়োগ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উজনি অসমৰ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত হোৱা অযথা বিলম্বত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷ শনিবাৰে সন্ধিয়া শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন পৰ্যালোচনা সভাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে নিজৰ এই অসন্তুষ্টি প্ৰকাশ কৰে ৷
তেওঁ এই সন্দৰ্ভত শিৱসাগৰ জিলা আয়ুক্তক যাৱতীয় ব্যৱস্থা লোৱাৰ লগতে তদন্তৰ নিৰ্দেশ দিয়া বুলি প্ৰকাশ কৰে ৷ পৰ্যালোচনা সভাত কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি বিশেষকৈ জল জীৱন মিছন, আয়ুষ্মান ভাৰত, আধাৰ কাৰ্ড আদিৰ ৰূপায়ণৰ খতিয়ান লোৱাৰ লগতে শিৱসাগৰত স্থাপন হ’বলগীয়া মেডিকেল কলেজৰ স্থিতি, ৰংঘৰ সৌন্দৰ্য বৰ্ধন আঁচনি আদি কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান গ্ৰহণ কৰে ৰামেশ্বৰ তেলীয়ে ৷
পৰ্যালোচনা সভাত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী যোগেন মহন, শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱ, নাজিৰা মহকুমাৰ মহকুমাধিপতিৰ আয়ুসী জৈনৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে ৷
লগতে পঢ়ক :Protest at Margherita : মাৰ্ঘেৰিটাত কাৰ প্ৰতিবাদৰ সন্মুখীন হ’ল শিলাদিত্য দেৱ !