Centenary celebration: চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ৰ শতবৰ্ষ উদযাপন - সৃজনগ্ৰাম শিক্ষাখণ্ড
বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত ১৬৮ নং চাকলা নিম্ন বুনিয়াদী বিদ্যালয়ত শতবৰ্ষ উদযাপনৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি পুৱা ছাফাই অভিযান, সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত হয় (Centenary Celebration of Sakala primary school)। তাৰ পিছত ১০০ খন পতাকা উত্তোলন কৰা হয় ৷ মূল পতাকা উত্তোলন কৰে শতবৰ্ষ অনুষ্ঠানৰ কাৰ্যকৰী সভাপতি এম মোজাম্মিল হুছেইনে । তাৰ পিছতে বিদ্যালয় চৌহদত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে সৃজনগ্ৰাম শিক্ষাখণ্ডৰ শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনে (Sakala primary school at Manikpur) । দুপৰীয়া "অসমীয়া ভাষা সাহিত্যৰ প্ৰতি সংখ্যালঘু লোকৰ অৱদান আৰু কৰণীয়" শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় । ১৯২২ চনত এই চাকলা নিম্ন বুনিয়াদী বিদ্যালয় স্থাপন কৰা হৈছিল ৷
Last Updated : Feb 3, 2023, 8:36 PM IST