Bagurumba Dance: বিহুৰ পিচত এইবাৰ বিশ্ব অভিলেখৰ দিশে বাগুৰুম্বা নৃত্য - Bagurumba towards world record
ৰঙিয়া, ১৫ মে':বিহুৰ পিচত এইবাৰ বিশ্ব ৰেকৰ্ডৰ দিশে বাগুৰুম্বা (Bagurumba towards world record )। এই কথা সদৰী কৰিছে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে । দেওবাৰে ৰঙিয়াৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি প্ৰমোদ বড়োৱে কয় যে, ইতিমধ্যে বাগুৰুম্বাক আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলাই তুলিবলৈ পৰিকল্পনা গ্ৰহণ কৰা হৈছে । এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে আলোচনাত মিলিত হোৱা বুলি কয় (CEM of BTR on Bagurumba world record) ।
আনহাতে, একেখন সভাতেই তেওঁ বড়ো সাহিত্য সভাৰ কাৰ্যালয় নিৰ্মাণৰ বাবে বিটিআৰ প্ৰশাসনৰ পৰা পঞ্চাশ লাখ টকা ঘোষণা কৰে । সভাৰ অন্তত বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য়গৰাকীয়ে হাগ্ৰামা মহিলাৰী সম্পৰ্কে মন্তব্য কৰি কয় যে, ৰাইজে তেওঁক তিনিটা কাৰ্যকাল শাসনৰ বাবে সুযোগ দিছে । ইমান দিনে তেওঁ বিটিআৰৰ হকে কি কৰিলে সেয়া ৰাইজে ভালদৰেই জানে । সময় থাকোতেই নিজৰ নেতৃত্বৰ প্ৰমাণ দিব নোৱাৰি এতিয়া হাগ্ৰামা মহিলাৰীয়ে পদব্ৰজে বিটিআৰৰ প্ৰতিগৰাকী লোকক লগ ধৰিলেও ৰাইজে তেওঁক পুনৰ বিশ্বাসত নলয় বুলি কটাক্ষ কৰে বিটিআৰৰ মুখ্য় কাৰ্যবাহী সদস্য় প্ৰমোদ বড়োৱে ।
লগতে পঢ়ক:Dilapidated Bamboo bridge : জৰাজীৰ্ণ বাঁহৰ দলঙে কন্দুৱাইছে ওৰাঙৰ বৰছলাবাসীক