অসম

assam

শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব তিথি উপলক্ষে ভাওনা পৰিৱেশন

ETV Bharat / videos

Birth anniversary of Srimanta Sankardeva:ৰাজ্যৰ চৌদিশে উদযাপন শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব তিথি - মহাপুৰুষজনাৰ জন্ম জয়ন্তী

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 7:28 PM IST

চামগুৰি, 25 ছেপ্টেম্বৰ : জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব তিথি উপলক্ষে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ আছে ৰাজ্যৰ আকাশ-বতাহ ৷ নগাঁৱৰ সত্ৰ-নামঘৰ সমূহটো দুই তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে ভাওনা ৷ নগাঁও পানীখাইটি কঢ়ালী গাঁৱৰ নামঘৰত দুদিনীয়াকৈ উদযাপিত হৈছে গুৰুজনাৰ জন্ম জয়ন্তী ।

মহাপুৰুষজনাৰ জন্ম জয়ন্তী উপলক্ষে দেওবাৰে নিশা গুৰুজনাৰ অনুপম সৃষ্টি অংকীয়া নাট, ভাওনাৰ বচন, বিলাপ, গায়ন-বায়ন, সূত্ৰধাৰীৰে মুখৰিত হৈ পৰে নগাঁও পানীখাইটি কঢ়ালী গাঁৱৰ নামঘৰৰ চৌদিশ ৷ নগাঁও পানীখাইটি কঢ়ালী গাঁৱৰ নামঘৰত দুদিনীয়াকৈ উদযাপিত গুৰুজনাৰ জন্ম-জয়ন্তীত অঞ্চলটোৰ মহিলাসকলে দেওবাৰে নিশা পৰিৱেশন কৰে দক্ষ যজ্ঞ ভাওনা । মহিলাসকলৰ সাৱলীল অভিনয়-নৃত্যই নিশা দৰ্শক ৰাইজক মন্ত্ৰমুগ্ধ কৰি তোলে ৷ পিটনিপাৰ বাৰগঞা সমাজৰ উদ্যোগত পানীখাইটী কঢ়ালী গাঁৱৰ নামঘৰত দুদিনীয়াকৈ অনুষ্ঠিত মহাপুৰুষজনাৰ জন্মোৎসৱত অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :Bhaona performed: শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে মাজুলীত শিশুৰ দ্বাৰা মঞ্চস্থ কেলিগোপাল নাট

ABOUT THE AUTHOR

...view details