HSLC pass students felicitate: ৰঙিয়াত 132 গৰাকী কৃৰ্তী শিক্ষাৰ্থীক সম্বৰ্ধনা - সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা
ৰঙিয়া, 25 মে’ : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা CBSC মাধ্যমৰ মেট্ৰিক তথা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত ভাল ফল দেখুওৱা ৰঙিয়াৰ ছাত্ৰ-ছাত্ৰীক বৃহস্পতিবাৰে ৰঙিয়া মহকুমা প্ৰশাসনে সম্বৰ্ধনা জ্ঞাপন কৰে (CBSE and SEBA HSLC pass students felicitate at Rangia)। ৰঙিয়াৰ ঐতিহাসিক হৰদত্ব-বীৰদত্ব ভৱনত আয়োজন কৰা সভাখনত 90% তকৈ অধিক নম্বৰ লাভ কৰা মহকুমাটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় । এই সভাখনৰ আঁতধৰে সহকাৰী আয়ুক্ত কৃতাঞ্জলী কাশ্যপে ।
সভাখনত ছেবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰত ষষ্ঠ স্থান লাভ কৰা চন্দিতা দাস আৰু দশম স্থান লাভ কৰা বিপাঞ্চী ডেকাৰ লগতে ৰঙিয়া মহকুমাৰ ৰঙিয়া, কমলপুৰ আৰু কৰৰা শিক্ষাখণ্ডৰ বিভিন্ন বিদ্যালয়ৰ 132 গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা জনোৱা ছাত্ৰ-ছাত্ৰীসকলৰ ভিতৰত ছেবাৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা 89 গৰাকী আৰু CBSE ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা 43 গৰাকী ছাত্ৰ-ছাত্ৰী আছে ।
লগতে পঢ়ক :Amit Shah in Assam : বিজেপি চৰকাৰৰ দিনত বহুত আগবাঢ়িছে অসম: অমিত শ্বাহৰ দাবী