Junmoni Rabha death case: কলিয়াবৰত পুনৰ উপস্থিত CBI ৰ দল - Junmoni Rabha death case update
Published : Sep 14, 2023, 4:12 PM IST
নগাঁও, 14 ছেপ্টেম্বৰ : ৰাজ্যজুৰি তোলপাৰ লগোৱা নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য এতিয়াও ফাদিল হোৱা নাই ৷ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ চিবিআইয়ে তদন্ত অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে পুনৰ কলিয়াবৰত উপস্থিত হয় কেন্দ্ৰীয় অনুসন্ধান সংস্থা (CBI) ৰ ছজনীয়া এটি তদন্তকাৰী দল। সংবাদ মাধ্যমৰ পৰা সম্পূৰ্ণ নিলগত CBI ৰ দলটোৱে দুৰ্ঘটনাস্থলীত অনুসন্ধান চলাই। ঘটনাস্থলীত উপস্থিত হোৱা সাংবাদিকক সেই স্থান ত্যাগ কৰিবলৈ দলটোৱে কৰা অনুৰোধ ৰক্ষা কৰি সাংবাদিকসকল সেই ঠাইৰ পৰা আঁতৰি আহে ৷
উল্লেখ্য যে, নগাঁৱৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ ১৬ মে'ৰ পুৱতি নিশা জখলাবন্ধাত দুৰ্ঘটনাত মৃত্যু হৈছিল। এই সমগ্ৰ ঘটনাটোক লৈ সৃষ্টি হৈছিল ৰহস্যৰ। এই দুৰ্ঘটনাক হত্যাৰ ঘটনা বুলি জোনমণি ৰাভাৰ পৰিয়ালৰ লোকৰ উপৰি বিভিন্ন মহলে অভিযোগ কৰিছিল। দাবী উত্থাপন হৈছিল চি বি আই তদন্তৰ। অৱশেষত চৰকাৰেও ঘটনাৰ চি বি আই তদন্তৰ ব্যৱস্থা কৰিছিল।