Junmoni Rabha death case: ডিএছপি মণিন্দৰ সিঙৰ নেতৃত্বত নগাঁৱৰ আৱৰ্ত ভৱনত চিবিআইৰ দল - CBI Team in Nagaon
নগাঁও, 16 জুন: আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত কৰিবলৈ নগাঁৱত উপস্থিত হোৱা চি বি আইৰ (CBI) দলে দ্বিতীয় দিনাও অব্যাহত ৰাখিছে তদন্ত প্ৰক্ৰিয়া ৷ নগাঁও আৱৰ্ত ভৱনত শুকুৰবাৰে উপস্থিত হয় চি বি আইৰ এটা দল ৷ CBIৰ ডি এছ পি মণিন্দৰ সিঙৰ নেতৃত্বত এটা দল প্ৰথমে আৱৰ্ত ভৱনত উপস্থিত হৈ ওলাই যোৱাৰ পাচত পুনৰ আন এটা দল উপস্থিত হয় আৱৰ্ত ভৱনত ৷
ইফালে ডি এছ পি মণিন্দৰ সিঙৰ নেতৃত্বত থকা দলটোৱে পুনৰ কলিয়াবৰ উপস্থিত হৈ তদন্ত চলোৱাৰ সম্ভাৱনা আছে ৷ জোনমণি ৰাভাৰ মৃত্যু ৰহস্য উদ্ঘাটন কৰিবলৈ ক্ষীপ্ৰ গতিৰে অভিযান চলাইছে দিল্লীৰ পৰা অহা CBIৰ দলটোৱে ৷ CBIৰ তদন্ত প্ৰতিবেদনৰ বাবে এতিয়া আশাৰে বাট চাই আছে জোনমণিৰ পৰিয়ালৰ লগতে ৰাজ্যবাসী ৷
লগতে পঢ়ক:SI Junmoni Rabha death case update : নগাঁৱত CBI ৰ দল, কেবাগৰাকী আৰক্ষী বিষয়াক জেৰা চলোৱাৰ সম্ভাৱনা