Junmoni Rabha death case: জোনমণিৰ মৃত্যুৰ তদন্ত কৰিবলৈ কলিয়াবৰত উপস্থিত CBIৰ দল - Junmoni death case update
কলিয়াবৰ, 15 জুন:আৰক্ষী উপ-পৰিদৰ্শক জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ইতিমধ্যেই আৰম্ভ কৰিছে CBIয়ে ৷ জোনমণিৰ মৃত্যুৰ ৰহস্য ভেদ কৰিবলৈ কলিয়াবৰৰ দুৰ্ঘটনাস্থলীত উপস্থিত হ’ল CBIৰ দল ৷ দুৰ্ঘটনাস্থলী পৰিদৰ্শন CBIৰ দলটোৰ ৷
দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে জখলাবন্ধা আৰক্ষী নিৱেশো তন্ন তন্নকৈ পৰীক্ষা কৰে দিল্লীৰ পৰা অহা CBIৰ দলটোৱে ৷ জোনমণি ৰাভাৰ দুৰ্ঘটনাটোৰ সন্দৰ্ভত জখলাবন্ধা আৰক্ষীয়ে ৰুজু কৰা 84/2023 নম্বৰৰ নিজাববীয়া গোচৰটোৰ লগতে জোনমণিৰ মাতৃয়ে জখলাবন্ধা থানাত দাখিল কৰা 87/2023 নম্বৰৰ গোচৰ দুটাৰো তদন্ত কৰিব CBIৰ দলটোৱে ৷
উল্লেখ্য যে শুকুৰবাৰে সম্পূৰ্ণ হ’ব জোনমণি ৰাভাৰ মৃত্যুৰ এটা মাহ ৷ 15 মে’ৰ নিশা প্ৰায় 2 মান বজাত জোনমণি ৰাভাৰ বাহনত এখন কণ্টেইনাৰ ট্ৰাকে খুন্দা মৰাৰ ফলত মৃত্যু হয় জোনমণিৰ ৷ কিন্তু জোনমণি ৰাভাৰ পৰিয়ালৰ লোকৰ লগতে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে এয়া এক পৰিকল্পিত হত্য়াকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰে ৷ অৱশেষত অসম চৰকাৰে এই ঘটনাৰ তদন্তৰ গোচৰ CIDৰ পৰা CBIৰ হাতত অৰ্পণ কৰে ৷
লগতে পঢ়ক:SI Junmoni Rabha death case : জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ ৪ টা গোচৰলৈ তদন্তত চি বি আইৰ দল