অসম

assam

মনোজ, আভা, ৰাজাৰ পিচতে CBi ৰ জেৰাৰ সন্মুখীন হ’ব লীনা দলে!

ETV Bharat / videos

Junmoni Rabha death case updates: মনোজ, আভাজ্যোতি আৰু ৰাজাৰ পিচতে CBI ৰ জেৰাৰ সন্মুখীন হ’ব পাৰে লীনা দলে !

By

Published : Jun 18, 2023, 10:51 PM IST

নগাঁও, 18 জুন : মৰিকলং থানাৰ আৰক্ষী উপ পৰিদৰ্শক জোনমণি ৰাভাৰ সন্দেহজনক মৃত্যুৰ ঘটনাৰ তদন্ত ক্ষীপ্ৰগতিতত চলাইছে CBI এ ৷ দেওবাৰে সন্ধিয়া নগাঁও আৱৰ্ত ভৱনত চি বি আইৰ দলে জেৰা চলায় নগাঁও সদৰ আৰক্ষী থানাৰ গাড়ী চালক অনিল ভূঞা, ধিং আৰক্ষী থানাৰ তদানীন্তন বিষয়া ৰাজা ইৰ্শ্বাদ, নগাঁও সদৰ আৰক্ষী থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী, হয়বৰগাঁও আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভাক ৷ 

উল্লেখ্য যে, জোনমণি ৰাভাৰ মৃত্যুৰ পিচতেই এটা বিস্ফোৰক ফোন ৰেকৰ্ডিং ভাইৰেল হৈছিল গাড়ী চালক অনিল ভূঞাৰ । দেওবাৰে চি বি আইৰ ডি আই জি লাভলী কাটিয়াৰৰ নেতৃত্বত অহা তদন্তকাৰী দলটোৱে প্ৰথমে জোনমণি ৰাভাৰ মাতৃ সুমিত্ৰা ৰাভাৰ ভাষ্য গ্ৰহণ কৰে । তাৰ পিচতেই জোনমণি ৰাভাৰ মৃত্যুত নাম সাঙোৰ খোৱা আৰক্ষীকেইগৰাকীক মাৰাথন জেৰা চলায় ৷ জেৰাৰ পিচত নিশা তিনিগৰাকী অভিযুক্ত আৰক্ষী বিষয়াক যাবলৈ দিয়া হয় যদিও পুনৰ তলৱ কৰাৰ সম্ভাৱনা আছে তিনিওগৰাকী আৰক্ষী বিষয়াক । 

ইয়াৰ পিচতে পৰৱৰ্তী সময়ত জোনমণি ৰাভাৰ ঘটনাত নাম সাঙোৰ খোৱা আৰক্ষী অধীক্ষক লীনা দলেকো চিবিআইয়ে জেৰা কৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক:Junmoni Rabha death case: জোৰদাৰ গতিত চলিছে চি বি আইৰ তদন্ত; ভেদ হ’বনে ৰহস্য !

ABOUT THE AUTHOR

...view details