অসম

assam

নগাঁৱত লখিমপুৰৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক জেৰা চি বি আইৰ

ETV Bharat / videos

Jonmani Rabha death updates: নগাঁৱত লখিমপুৰৰ তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাক জেৰা চি বি আইৰ - চি বি আই তদন্ত

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 1:20 PM IST

নগাঁও, 5 অক্টোবৰ :পুনৰ ক্ষীপ্ৰতৰ হৈছে এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ চি বি আই তদন্ত। বিগত ১৫ মে’ত এক দুৰ্ঘটনাত মৃত্যু হোৱা অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷ এই ঘটনাক হত্যাকাণ্ডৰ সন্দেহ কৰি পৰিয়ালৰ লোকৰ অভিযোগৰ ভিত্তিত চিবিআইক হস্তান্তৰ কৰা হৈছিল ৷

তাৰ পিচৰে পৰা তদন্তৰ অব্যাহত ৰখা চি বি আইৰ দলে বুধবাৰে জখলাবন্ধাত উপস্থিত হৈ দুৰ্ঘটনাত পতিত জোনমণি ৰাভাৰ বাহনৰ পৰা জোনমণি ৰাভাৰ মোবাইল ফোন উদ্ধাৰ কৰে ৷ ইয়াৰ পিচতে বৃহস্পতিবাৰে নগাঁৱত লখিমপুৰ জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষকক তলব কৰিছে চি বি আইৰ দলে। চিবিআইৰ জেৰাৰ বাবে নগাঁও আৱৰ্ত ভৱনত উপস্থিত হয় তদানীন্তন আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা। প্ৰথমবাৰৰ বাবে চিবিআইৰ জেৰাৰ সন্মুখীন হয় বিষয়াগৰাকী।

লগতে পঢ়ক :Jonmani Rabha death updates: জোনমণিৰ দুৰ্ঘটনাগ্ৰস্ত বাহনত ওলাল এখন তেজ লগা ৰুমাল-ম’বাইল

ABOUT THE AUTHOR

...view details