অসম

assam

ETV Bharat / videos

Cattle Thief in Lakhimpur: গৰুৰ পঘাৰে গৰু চোৰক গছত বান্ধি থ’লে গঞাই - Laluk police station

🎬 Watch Now: Feature Video

By

Published : Nov 15, 2022, 5:29 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

লখিমপুৰত গৰু চোৰৰ বিলৈ । নিশা গোহালিৰ গৰু খুলি লওতেই ধৰা পৰিল গঞাৰ ওচৰত । লখিমপুৰৰ লালুক কাছজুলিত সোমবাৰে সংঘটিত হয় এই ঘটনা ৷ চোৰৰ দলটোৰ এটা চোৰক ৰাইজে খেদি-খেদি আটক কৰিবলৈ সক্ষম হয় (Cattle thief trapped at Laluk)। জানিব পৰা মতে নিশা প্ৰায় ‍‍দুই মান বজাত গৰু চোৰ কৰিবলৈ আহি কাছজুলিৰ জ্যোতিষ সোণোৱালৰ গোহালিত অভিযান চলাই থাকোতেই ধৰা পৰে চোৰৰ দলটো ৷ এটা চোৰ ৰাইজে কৰায়ত্ব কৰে যদিও আন তিনিটা চোৰ পলাই যাবলৈ সক্ষম হয় ৷ চোৰটোক স্থানীয় যুৱকসকলে গছত ৰচিৰে বান্ধি আৰক্ষীক খবৰ দিয়ে । চোৰটোৰ ঘৰ কাঠনিত বুলি জানিব পৰা গৈছে । পুৱা লালুক থানাৰ(Laluk police station) আৰক্ষীয়ে চোৰটোক আটক কৰি থানালৈ যায় (Cow thief in Lakhimpur)।
Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

...view details