অসম

assam

দুজনী গৰুসহ এখন i10 বাহন জব্দ

ETV Bharat / videos

Cattle theft incident: দুজনী গৰুসহ এখন i10 বাহন জব্দ - i10 বাহন জব্দ

By ETV Bharat Assamese Team

Published : Sep 25, 2023, 5:57 PM IST

কলিয়াবৰ, 25 ছেপ্টেম্বৰ : ৰাজ্যত ক্ৰমাৎ বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা। নিত‍্য নতুন কৌশলেৰে গৰু চুৰি কাৰ্য সংঘটিত কৰি গৈছে চোৰে। দেওবাৰে নগাঁও জিলাৰ কলিয়াবৰত উলুৱনী আৰক্ষীয়ে সন্দেহজনক এখন I10 বাহন খেদি খেদি ধৰিবলৈ সক্ষম হয়। 

অৱশ্যে আন্ধাৰৰ সুযোগ লৈ গাড়ীত অহা চোৰকেইটা পলায়ন কৰে যদিও বাহনখনত অনা এজনী ৰঙা আৰু এজনী বগা ৰঙৰ গৰু জীৱন্তে জব্দ কৰিবলৈ সক্ষম হয় উলুৱনী আৰক্ষীয়ে । জব্দকৃত বাহনখনৰ নম্বৰ হৈছে (AS 01 AL 8077)। বৰ্তমান চুলুং তহলদাৰী আৰক্ষী চকীত চিকিৎসাধীন অৱস্থাত আছে গাই দুজনী।

উল্লেখ্য যে ৰাজ্যত প্ৰশাসনে চোৰাংভাৱে গৰু সৰবৰাহ কৰা সৰবৰাহকাৰীৰ লগতে গৰু চুৰি কৰা চোৰৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷ ইতিমধ্যে বিগত দিনসমূহত ৰাজ্যৰ ভিন্ন প্ৰান্তত এনেদৰে একাংশ গৰু চোৰে ব্যক্তিগত বাহন লৈ গৰু চোৰ কৰিবলৈ যোৱা প্ৰায়েই সংঘটিত হৈছে ৷

লগতে পঢ়ক:Patna Urinating Case : সামাজিক অৱক্ষয় ! মহিলাক প্ৰহাৰ কৰি দেহত মূত্ৰ-ত্যাগ গুণ্ডাৰ

ABOUT THE AUTHOR

...view details