কমাৰগাঁৱত গৰু চোৰে একে নিশাই নিলে ৬ টা গৰু - গৰু চুৰিৰ ঘটনা বৃদ্ধি
🎬 Watch Now: Feature Video


Published : Jan 10, 2024, 8:26 PM IST
গোলাঘাট, ১০ জানুৱাৰী:ৰাজ্য়ত বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা । ইয়াৰ মাজতেগোলাঘাট জিলাৰ কমাৰগাঁৱৰ সমীপৰ তামুলীপথাৰত এটা পৰিয়ালৰ গোহালিৰ পৰা যোৱা মঙলবাৰে নিশা চোৰে পোৱালিসহ ৬ টা উন্নত প্ৰজাতিৰ গৰু চুৰি কৰে ৷ গাখীৰৰ ব্যৱসায়ৰে পৰিয়ালক পোহপাল দিয়া প্ৰদীপ বৰাৰ গোহালিৰ পৰা চোৰে দুটা পোৱালিৰ সৈতে ৪ জনী গাই গৰু চুৰি কৰাত পৰিয়ালটোৰ মূৰত সৰগ ভাগি পৰিছে ৷ আজি পুৱা গাখীৰ খিৰাবলৈ গৈ গোহালিত গৰু নেদেখি হতবাক হৈ পৰে গৃহস্থ ।
চুৰি হোৱা গৰু কেইটাৰ মূল্য প্ৰায় ৪ লাখ টকা হ'ব বুলি গৃহস্থই উল্লেখ কৰিছে ৷ মাঘ বিহুৰ বাবে গাখীৰৰ অৰ্ডাৰ লোৱা প্ৰদীপ বৰা এতিয়া দিশহাৰা হৈ পৰিছে । ইতিমধ্যে উক্ত চুৰি কাণ্ড সম্পৰ্কে কমাৰগাঁও আৰক্ষীক গৃহস্থই অৱগত কৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ উল্লেখ গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে উক্ত অঞ্চলটোত সঘনাই গৰু-ছাগলী চুৰি হৈছে যদিও আৰক্ষীয়ে চোৰৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে বুলি ৰাইজে ক্ষোভ প্ৰকাশ কৰিছে ।
লগতে পঢ়ক:চাচনীত ড্ৰাগছ বিৰোধী অভিযান