অসম

assam

By

Published : Oct 20, 2022, 11:57 AM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / videos

Cattle Smuggling Racket: আমগুৰি আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিলে চোৰাং গৰু সৰবৰাহৰ মাষ্টাৰমাইণ্ডক

আমগুৰি আৰক্ষীয়ে বুধবাৰে নিশা গৰুৰ চোৰাং সৰবৰাহৰ দুই মাষ্টাৰমাইণ্ডসহ আন দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ গৌৰীসাগৰৰ পৰা চামগুৰি হৈ হালোৱাটিঙলৈ সৰবৰাহৰ সময়তে আমগুৰি আৰক্ষীয়ে গৰুসহ সৰবৰাহকাৰীৰ চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(Cattle Seized at Amguri) ৷ আমগুৰি আৰক্ষীয়ে AS ০৪ BC ৬৫৭৯ নম্বৰৰ এখন পিকআপ ভানসহ তিনিটাকৈ গৰুও জব্দ কৰে(Cattle-Laden Truck Seized at Amguri) ৷ গৰু সৰবৰাহৰ মাষ্টাৰমাইণ্ড চিন্তামণিগড়ৰ ভাইজান, অকণি আলীয়ে আৰক্ষীক মেনেজ কৰিবলৈ অহা সময়তে আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে(Cattle smuggling racket mastermind arrested ) ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা আন দুটা সৰবৰাহকাৰী হৈছে গাড়ী চালক চাৰিং দুলীয়া গাঁৱৰ দেৱদত্ত গগৈ আৰু হেন্দিমেন চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ ভক্তিমন্ত দত্ত ৷ আমগুৰি আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত ৯৩/২০২২ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰিছে ।
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

...view details