Cattle smuggling in Assam: বিহালী আৰক্ষীৰ অভিযানত ৩১টা গৰুসহ ট্ৰাক জব্দ - বিহালী আৰক্ষীৰ অভিযানত ৩১টা গৰুসহ ট্ৰাক জব্দ
বিহালী ৩১ মে':ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Smuggled Cattle seized in Bihali)। উত্তৰ অসমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো এতিয়া মূল পথ হিচাপে ব্যৱহাৰ কৰিছে একাংশ চোৰাং গৰু সৰবৰাহকাৰীয়ে । ইয়াৰ মাজতে কঠোৰ হৈছে বিশ্বনাথ জিলা আৰক্ষী । বুধবাৰে পুৱা বিহালী থানাৰ আৰক্ষীয়ে ৩১টাকৈ অবৈধ ভাৱে সৰবৰাহ কৰা গৰু জব্দ কৰে (Cattle smuggler arrested in Bihali)। আৰক্ষীয়ে এই সন্দৰ্ভত এটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।
আৰক্ষী সূত্ৰ প্ৰকাশ অনুসৰি পুৱা ৫ বজাত আৰক্ষীৰ এটা দলে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত ৰৈ আছিল যদিও সৰবৰাহকাৰীয়ে পলায়নৰ চেষ্টা চলায় । আৰক্ষীৰ দলটোৱে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৩০ কিলোমিটাৰ অধিক দূৰত্ব খেদি খেদি বিশ্বনাথ চাৰিআলিত কৰায়ত্ত কৰিবলৈ সক্ষম হয় । বিহালী আৰক্ষীয়ে USP65BT 8150 নম্বৰৰ ট্ৰাকখন জব্দ কৰাৰ লগতে চালক ৰাজকুমাৰ প্ৰজাপতিক গ্ৰেপ্তাৰ কৰে ।