অসম

assam

জখলাবন্ধা আৰক্ষীৰ জালত দুই চোৰাং গৰু সৰবৰাহকাৰী

By

Published : Mar 30, 2023, 2:14 PM IST

ETV Bharat / videos

Illegal Smuggling of Cattle: জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিলে গৰুভৰ্তি বাহন

কলিয়াবৰ, 30 মাৰ্চ: অসম চৰকাৰে পশুধনক সুৰক্ষা প্ৰদানৰ উদ্দেশ্যৰে 2021 চনত গো-সুৰক্ষা আইন বলবৎ কৰিছিল ৷ গো-সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ চোৰাং বেহা আৰু অবৈধভাৱে গৰুৰ মাংস বিক্ৰী কৰা লোকৰ ওপৰত কঠোৰ শাস্তি প্ৰদানৰ দিহা কৰা হৈছে (Cattle Protection Act) ৷ কিন্তু ৰাজ্য চৰকাৰে গো সুৰক্ষা আইনৰ জৰিয়তে গৰুৰ সৰবৰাহত নিষেধাজ্ঞা জাৰি কৰিছে যদিও এতিয়াও ৰাজ্যৰ ভিন্ন প্ৰান্তত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ (Cattle Smuggling in Assam) ৷ নিতৌ ন ন কৌশল অৱলম্বন কৰি অসাধু চক্ৰই অব্যাহত ৰাখিছে গৰুৰ চোৰাং সৰবৰাহ (Cattle syndicate in Assam) ৷

এইবাৰ জখলাবন্ধা আৰক্ষীয়ে জব্দ কৰিলে গৰু ভৰ্তি বাহন (Cattle Recovered in Jakhalabandha) ৷ আজি জখলাবন্ধা আৰক্ষীৰ তালাচীত ধৰা পৰিল বাহনসহ দুই সৰবৰাহকাৰী ৷ এখন মিনি ট্ৰাকত ছটা গৰুৰ ঠেং বান্ধি তলত শুৱাই ওপৰত পানীৰ বটলেৰে ঢাকি গৰুকেইটা সৰবৰাহ চেষ্টা কৰিছিল ৷ কিন্ত আৰক্ষীৰ চকুত ধূলি দিবলৈ সক্ষম নহল সৰবৰাহকাৰী দুটা ৷ সৰবৰাহ কৰা অৱস্থাতে এটা গৰুৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷

জখলাবন্ধা আৰক্ষীৰ তালাচীত 6টা গৰুসহ জালত পৰিল দুই সৰবৰাহকাৰীও ৷ ইতিমধ্যে ঘটনাৰ লগত জড়িত দুয়োটা সৰবৰাহকাৰী আটক কৰিছে আৰক্ষীয়ে (Cattle Smuggler Arrested in Jakhalabandha) ৷ 
 

ABOUT THE AUTHOR

...view details