অসম

assam

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা

By

Published : Jun 1, 2023, 2:09 PM IST

ETV Bharat / videos

Cattle smuggling in Assam: কলিয়াবৰৰ টেতুলগুৰিত ৰাইজে জব্দ কৰিলে চোৰাং গৰু

কলিয়াবৰ, ১ জুন:ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা (Cattle smuggling in Kaliabor)। ৰাজ্য়ৰ আন ঠাইৰ লগতে গোলাঘাট জিলাতো চলি আছে গৰুৰ চোৰাং সৰবৰাহ । গোলাঘাটৰ পৰা ট্ৰাকেৰে বোজাই কৰি অনা গৰু নগাঁও জিলাৰ সীমাত নমাই গোপন পথেৰে খোজকঢ়াই পাৰ কৰে সৰবৰাহকাৰীয়ে (Cattle smuggler arrested in Nagaon)। ইয়াৰ মাজতেই বুধবাৰে কলিয়াবৰৰ টেতুলগুৰিত ৰাইজে জব্দ কৰি আৰক্ষীক গতাই দিয়ে অবৈধভাৱে সৰবৰাহ কৰা গৰুৰ এটা জাক ।

কলিয়াবৰৰ হাৰমতীৰ পৰা ১২ টা গৰু খোজকঢ়াই সৰবৰাহৰ চেষ্টা কৰিছিল এটা দুষ্কৃতিকাৰীৰ এটা দলে । জখলাবন্ধা থানাৰ অন্তৰ্গত টেতুলগুৰিত স্থানীয় লোকে সোধা পোছা কৰোতেই গৰু এৰি পলায়নৰ চেষ্টা কৰে সৰবৰাহকাৰীকেইটা। ৰাইজে খেদি খেদি কৰায়ত্ত কৰে গৰু সৰবাহকাৰীক । লগতে ১২টা গৰু উদ্ধাৰ কৰি গতাই দিয়ে জখলাবন্ধা আৰক্ষীক । ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:Manikpur road accident : মাণিকপুৰৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত দুখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, আহত 4 জন

ABOUT THE AUTHOR

...view details