Caterpillar terror: মানিকপুৰত ঘৰে ঘৰে চৰকাৰী বিভাগৰ কৰ্মচাৰীৰ অভিযান - Caterpillars wreak havoc
বঙাইগাঁও, ৩১ জুলাই:বঙাইগাঁও জিলাৰ মানিকপুৰৰ ১ নং ভাণ্ডাৰা আৰু জামদহাতত বানৰ পিছত এইবাৰ বিছাৰ সন্ত্ৰাস চলাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত গা লৰিল চৰকাৰী বিভাগীয় লোকৰ । উল্লেখ্য যে বানৰ পিছত যোৱা কিছুদিন ধৰি গাওঁ দুখনৰ মৰাপাটৰ খেতি, ধাননি পথাৰ, ঘৰে ঘৰে বিছাৰ সন্ত্ৰাসৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে কৃষকসকলে ।
ধান আৰু মৰাপাটৰ পাত খাই তহিলং কৰাৰ পিছত পথাৰৰ পৰা আহি ঘৰে ঘৰে সুমুৱাইছে ৰঙা বিছা । দমকল, বিছনা, চকী মেচ সকলোতে বিছা কেৱল বিচাৰ সন্ত্ৰাস আৰম্ভ হৈছে । সৰ্বসাধাৰণ ৰাইজৰ টোপনি নোহোৱা হৈ পৰিছে বিছাৰ সন্ত্ৰাসৰ বাবে । অৱশ্যে সংবাদ মাধ্যমৰ জৰিয়তে বিছাৰ পৰা ৰক্ষা পোৱাৰ উপায় বিচাৰি বিভাগীয় কৰ্তৃপক্ষক আহ্বান কৰাৰ পিছত সোমবাৰে চৰকাৰী বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ তেওঁলোকে লগতে অচিৰেই ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ভাণ্ডাৰা আৰু জামদহাবাসী ৰাইজক আশ্বাস প্ৰদান কৰে ।
লগতে পঢ়ক:Caterpillar terror: বিছাৰ বাবে না ভাত না পানী অৱস্থা মাণিকপুৰবাসীৰ