Sootea Paddy fields :থোকে থোকে শুঁৰ পোকে খহাইছে পকিবলৈ ধৰা ধান, হাহকাৰ কৃষক ৰাইজ - Caterpillars have damaged paddy in Assam
Published : Nov 8, 2023, 5:14 PM IST
চতিয়া, 8 নৱেম্বৰ : মূৰৰ ঘাম মাটি পেলাই খেতি কৰি এতিয়া কৃষক ৰাইজৰ হাহাকাৰ ৷ সোণোৱালী ধাননীত শুঁৰ পোকৰ উপদ্ৰৱৰ বাবে হাহাকাৰ কৰি উঠিছে কৃষক ৰাইজ ৷ জামুগুৰিহাটৰ বাপুনীপামৰ ধাননি পথাৰত শুঁৰ পোকৰ বাবে হুমুনিয়াহ কাঢ়িব লগা হৈছে কৃষকসকল ৷ কাৰণ পকিবলৈ ধৰা ধান থোকে থোকে খহাই গৈছে শুঁৰ পোকে ৷ সেয়ে চিন্তিত কৃষক ৰাইজ ৷ পকিবলৈ ধৰা ধাননিডৰাৰ অৱস্থা দেখি উচুপি উঠিছে উপায়বিহীন কৃষক ৰাইজ ৷
আনহাতে এইক্ষেত্ৰত কৃষি বিভাগে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ কৃষক ৰাইজৰ আক্ষেপ, আমি হাজাৰ হাজাৰ টকা খৰচ কৰি খেতি কৰিলো ৷ কিন্তু ধান চপোৱাৰ সময়তে শুঁৰ পোকে অনিষ্ট কৰিছে ধানসমূহ ৷ আমি কি খাম ! আমালৈ চৰকাৰে চকু মেলি চাওঁক ৷ কেনেকৈ আমি পৰিয়াল পোহপাল দিম এই আক্ষেপ ৰাইজৰ !