অসম

assam

ETV Bharat / videos

Carrom training camp: নগাঁৱত আৰম্ভ কেৰম প্ৰশিক্ষণ শিবিৰ মুকলি - Carrom News

By

Published : Oct 30, 2022, 7:49 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

অহা ৭ নৱেম্বৰৰ পৰা দিল্লীত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় কেৰম প্ৰতিযোগিতাৰ বাবে নগাঁৱত শনিবাৰে কেৰম প্ৰশিক্ষণ শিবিৰ মুকলি কৰে কেৰম এছোচিয়েশ্যনৰ সভাপতি ৰকিবুল হুছেইনে (Carrom training camp inaugurated by Rakibul Hussain)। অহা ৭ নৱেম্বৰৰ পৰা ১২ নৱেম্বৰৰ পৰ্যন্ত কেৰম এছোচিয়েশ্যনৰ সোণালী জয়ন্তী উপলক্ষে ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হ'ব পুৰুষ আৰু মহিলা শাখাৰ জ্যেষ্ঠ আৰু আন্তঃজিলা কেৰম প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে অসম দলো নিৰ্বাচিত হৈছে (National Carrom Championship)। শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত এই তথ্য সদৰী কৰে কেৰম এছোচিয়েশ্যনৰ সভাপতি ৰকিবুল হুছেইনে । শনিবাৰে নগাঁৱত এক সংবাদমেলৰ আয়োজন কৰি ৰাষ্ট্ৰীয় কেৰম প্ৰতিযোগিতাৰ বাবে যোগ্যতা অর্জন কৰা অসম দলক প্ৰশিক্ষণ দিয়াৰ বাবে প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰা বুলি মন্তব্য কৰে কেৰম এছোচিয়েশ্যনৰ সভাপতি ৰকিবুল হুছেইনে।
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

...view details