অসম

assam

কাছাৰত 20 খন বাইকসহ 8 টা চোৰ আটক

By

Published : Jun 7, 2023, 10:43 PM IST

ETV Bharat / videos

Operation Against Bike thieves : কাছাৰত 20 খন বাইকসহ 8 টা চোৰ আটক

কাছাৰ, 7 জুন : কাছাৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ মঙলবাৰে নিশা কাছাৰত বাইক চোৰৰ বিৰুদ্ধে কাছাৰ আৰক্ষীয়ে অভিযান চলায় ৷ একে নিশাই এই অভিযান আৰক্ষীয়ে ২০ খন বাইকসহ 8 টা চোৰক আটক কৰিবলৈ সক্ষম হয় (Operation Against Bike thieves)৷ বনস্কান্দি, মধুৰবন্দ, ৰংপুৰকে ধৰি কেইবাটাও অঞ্চলত পৰ্যায়ক্ৰমে অভিযান চলাইছিল আৰক্ষীৰ দলটোৱে ৷ উল্লেখ্য যে , কাছাৰৰ বিভিন্ন অঞ্চলত সঘনাই বাইক চুৰি হোৱাৰ বাবে জনমানসত ত্ৰাসৰ সৃষ্টি হৈছে। ইয়াৰ লগতে আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল কাছাৰবাসীয়ে (Cachar Police operation against Bike thieves)৷  

কাছাৰ আৰক্ষীয়ে দীৰ্ঘদিন ধৰি বাইক চোৰ চক্ৰটোৰ বিৰুদ্ধে নেটৱৰ্ক স্থাপন কৰি অভিযান আৰম্ভ কৰে । কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক নোমল মাহাত্তাই প্ৰদান কৰা তথ্য অনুসৰি একে নিশাই কাছাৰৰ বনস্কান্দি, মধুৰবন্দ, ৰংপুৰকে ধৰি কেইবাটাও অঞ্চলত বিশেষ অভিযান চলাই ২০ খন বাইকসহ ৮ টা চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (20 bikes rescued)। 

আটকধীন চোৰকেইটা হ’ল - মধুৰবন্দৰৰ ৰুবেল উদ্দিন লস্কৰ, দিৱাৰ হুছেইন লস্কৰ, আফজল হুছেইন লস্কৰ, আব্দুল হুছেইন লস্কৰ, ছাকিল লস্কৰ, ৰংপুৰৰ নন্দ সিং, বদ্ৰীপাৰৰ ৰঞ্জিত ৰবি দাস, আলিপুৰ বাগানৰ ইউছুফ আলী (8 thieves detained by police)। আৰক্ষীয়ে অভিযুক্তকেইটাক জেৰা অব্যাহত ৰাখিছে। ইয়াৰ পিচতে এই গেঙৰ মাষ্টাৰ মাইণ্ডক ধৰিবলৈ তিনিখন জিলাত নেটৱৰ্ক গঢ়ি তুলিছে আৰক্ষীয়ে।

লগতে পঢ়ক:Merapani theft incident: চিকিৎসালয়ৰ জেনেৰেটৰৰ বেটাৰী লৈ গ’ল চোৰে

ABOUT THE AUTHOR

...view details