অসম

assam

জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালক আটক

ETV Bharat / videos

Barak Bandh: জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালক আটক - Reaction on Constituency Delimitation

By

Published : Jun 27, 2023, 6:04 PM IST

কাছাৰ,২৭ জুন:সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ উত্তাল হৈ পৰিছে বৰাক উপত্যকা । সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে মঙলবাৰে কংগ্ৰেছে আহ্বান কৰা ১২ ঘন্টীয়া বৰাক বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পৰা পৰিলক্ষিত হয় । ১২ ঘন্টীয়া বন্ধৰ আহ্বান জনাই জিলা কংগ্ৰেছে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ । জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালৰ নেতৃত্বত বন্ধ সফল কৰিবলৈ ভিন্ন শ্ল'গানেৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ ।  

পিছে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ কঠোৰ হৈ পৰে আৰক্ষী প্ৰশাসন । আৰক্ষীয়ে আটক কৰে প্ৰতিবাদৰ নেতৃত্ব দিয়া জিলা কংগ্ৰেছৰ সভাপতি অভিজিৎ পালক । আটকাধীন নেতাজনে কয় যে,প্ৰশাসনক আহিলা হিচাপে ব্যৱহাৰ কৰি কংগ্ৰেছৰ কণ্ঠ দমন কৰাটো সম্ভৱ নহ’ব। ভৱিষ্যতে এই আন্দোলন অধিক শক্তিশালী হ’ব বুলিও উল্লেখ কৰে অভিজিৎ পালে । 

লগতে পঢ়ক:Woman Mysterious Death: সন্দেহযুক্ত প্ৰেমিকৰ ঘৰৰ চৌহদত মহিলাৰ অৰ্ধগলিত মৃতদেহ উদ্ধাৰ

ABOUT THE AUTHOR

...view details