অসম

assam

অসমক শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ

ETV Bharat / videos

Minister Sarbananda Sonowal at Janji: অসমক শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ আহ্বান সৰ্বানন্দ সোণোৱালৰ - আশীৰ্বাদ গ্ৰহণ

By

Published : Mar 26, 2023, 10:51 PM IST

আমগুৰি, ২৬ মাৰ্চ: "এইটো নীতিগতভাৱে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ আদালতৰ এই নিৰ্ণয় মানি চলিবই লাগিব ৷ আইনে নিজৰ কাম কৰিছে ইয়াত বিতৰ্ক কৰিবলগীয়া একো নাই ।" দেওবাৰে শিৱসাগৰ জিলাৰ জাঁজীত হঠাতে উপস্থিত হয় ৰাহুল গান্ধীৰ সন্দৰ্ভত এই মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে (Sarbananda Sonowal on Rahul Gandhi)  ৷ মন্ত্ৰীগৰাকীয়ে জাঁজীৰ গড়মূৰ ব্ৰাহ্মণ গাঁৱত অৱস্থিত শিৱ তথা অন্নপূৰ্ণা মন্দিৰত আশীৰ্বাদ গ্ৰহণ কৰে (Minister Sarbananda Sonowal at Janji) ৷ মন্দিৰৰ প্ৰতিষ্ঠাতা তথা ভৱিষ্যত দ্ৰষ্টা মৃণালিনী খাটনিয়াৰ সৈতে প্ৰায় আধা ঘন্টা ধৰি পূজা অৰ্চনা আগবঢ়াই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।  

যোৰহাট জিলাৰ টীয়কৰ দুটা অনুষ্ঠানত অংশ ল’বলৈ আহিছিল মন্ত্ৰীগৰাকীয়ে ৷ সংবাদমাধ্যমক সাক্ষাৎ কৰি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে (Cabinet Minister Sarbananda Sonowal) কয় যে অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সকলোৱে মিলি অসমখনক ভাৰতবৰ্ষৰ বুকুত অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সংকল্প গ্ৰহণ কৰিব লাগে। সকলোকে এই সংকল্পত সহযোগ কৰিবলৈ আহ্বান জনাইছো ৷  

লগতে পঢ়ক:Labour office at Guwahati : মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিলে উলুবাৰীস্থিত শ্ৰম ভৱনৰ

ABOUT THE AUTHOR

...view details