অসম

assam

Sarbananda Sonowal in Morigaon: য’ত সংস্কৃতি আছে তাতেই সহিষ্ণুতা আছে; সৰ্বানন্দ সোণোৱাল

By

Published : Nov 7, 2022, 8:28 PM IST

Updated : Feb 3, 2023, 8:31 PM IST

মৰিগাঁও জিলাৰ 171 বছৰ গৰকা চৰাইবাহী ঐতিহাসিক কমিটী ভাওনাৰ শংকৰ মন্দিৰত সোমবাৰে অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি ৰূপে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত হয় (Cabinet Minister Sarbananda Sonowal in Morigaon) ৷ এই চেগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে চৰাইবাহীত গুৰুজনাৰ আদৰ্শৰে কমিটী ভাওনা অনুষ্ঠিত কৰাৰ বাবে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক ৰমাকান্ত দেউৰী (MLA Ramakanta Deori) আৰু বিষয় ববীয়াক ধন্যবাদ জ্ঞাপন কৰে ৷ মন্ত্ৰীগৰাকীয়ে কয় যে, য'ত সংস্কৃতি আছে তাতেই সাৰ্বজনীন চিন্তা আছে ৷ য'ত সংস্কৃতি আছে তাতেই সহিষ্ণুতা আছে ৷ ইয়াৰ লগতে সংবাদ কৰ্মীসকলকো নৱপ্ৰজন্মৰ বাবে এনে বাতৰি প্ৰচাৰ কৰি থাকিব লাগিব বুলিও মন্তব্য আগবঢ়াই মন্ত্ৰীগৰাকীয়ে ৷ এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ত পৰিষদৰ (Tiwa Autonomous council) মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক নেতাই ৷
Last Updated : Feb 3, 2023, 8:31 PM IST

ABOUT THE AUTHOR

...view details