BVFCL to be close: কোনো কাৰণতে বন্ধ নহয় লাভৰ মুখ দেখা নামৰূপ সাৰ কাৰখানা; মন্ত্ৰী তেলী - bvfcl namrup assam
নাহৰকটীয়া, ২৩ জুলাই: লোকসভাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱিতকৰণৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় ৰাসায়ন আৰু সাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ভগৱন্তক খুবাই কয় যে, নিটি আয়োগৰ অধ্যক্ষতাত গ্ৰুপ অৱ অফিচাৰ্ছৰ গুৰুত্বপূৰ্ণ বৈঠকে সাৰকাৰখানাটো বন্ধৰ পৰামৰ্শ দিছে ৷ ইয়াৰ পিচতেই ৰাজ্যজুৰি বিষয়টোৱে চৰ্চা লাভ কৰে ৷
এই সন্দৰ্ভত শেহতীয়াকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে, এবছৰৰ পূৰ্বে নিটি আয়োগে নামৰূপ সাৰ কাৰখানাটো কেৱল বন্ধ কৰিবলৈহে পৰামৰ্শ আগবঢ়াইছিল যদিও কেন্দ্ৰীয় চৰকাৰে সাৰকাৰখানাটো বন্ধ কৰিবলৈ কোনো ধৰণৰ জাননী প্ৰেৰণ কৰা নাই ।
সাৰকাৰখানাটোৱে বিগত ৮ বছৰৰ পিচত এই বৰ্ষত ২৪ কোটি টকা লাভ কৰিবলৈ সক্ষম হৈছে ৷ এনে প্ৰেক্ষাপটত উদ্যোগটোৱে অহা বৰ্ষত কিদৰে দুগুণ লাভ কৰিব পাৰি সেই সন্দৰ্ভত কাম-কাজ সমূহ আগবঢ়াই নিছে । তেনে স্থলত নামৰূপ সাৰ কাৰখানাটো কোনো কাৰণতে বন্ধ নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে ৷
লগতে পঢ়ক:MLA Tarang Gogoi: নামৰূপ সাৰকাৰখানা বন্ধ নহয়; স্পষ্টীকৰণ বিধায়ক তৰংগ গগৈৰ